নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টীম মাজুলীৰ উদ্যোগত নামনি মাজুলীত বিনামূলীয়া পাঠদান আৰম্ভ 

মাজুলীৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন টীম মাজুলীৰ উদ্যোগত নামনি মাজুলীত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান আৰম্ভ হৈছে। নামনি মাজুলীৰ কৰদৈগুৰিৰ অৰুণোদয় মধ্য ইংৰাজী বিদ্যালয়ত আৰম্ভ হোৱা উক্ত বিনামূলীয়া পাঠদানৰ উদ্বোধনী অনুষ্ঠানত  বন্তি প্ৰজ্বলন কৰে টীম মাজুলীৰ সম্পাদক প্ৰনৱজ্যোতি কাশ্যপ বৰাই।

টীম মাজুলীৰ সভাপতি জয়ন্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত বিনামূলীয়া পাঠদান অনুষ্ঠানটো উদ্বোধন কৰে পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ প্ৰৱক্তা যদু কলিতাই। সভাত বিশিষ্ট অতিথি হিচাপে মাজুলীৰ আদৰ্শ কৃষক পৱন্ত শইকীয়া, যুৱ নেতা নৱজ্যোতি শইকীয়া, দিপুমণি শইকীয়া,দিব্যজ্যোতি শইকীয়া, শিক্ষক লাটু শইকীয়া,উজ্জ্বল বৰুৱা,ৰশ্মিৰেখা শইকীয়া, কবিতা বৰা মুদৈয়ে শুভেচ্ছা মূলক ভাষণ প্ৰদান কৰে।

উদ্বোধনী অনুষ্ঠানৰ পাছতে টীম মাজুলীৰ উক্ত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান আৰম্ভ কৰা হয়। উক্ত, পাঠদানত অষ্টম,নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইংৰাজী, গণিত, বিজ্ঞান আৰু লিপিবিদ্যাৰ  পাঠদান আৰম্ভ কৰা হয়। টীম মাজুলীৰ উদ্যোগত উক্ত, বিনামূলীয়া পাঠদান সমগ্ৰ জুলাই মাহ জুৰি চলিব।

উল্লেখযোগ্য যে টীম মাজুলীৰ উদ্যোগত নামনি মাজুলীৰ কৰদৈগুৰিৰ উপৰিও দেওদিয়াআটী উচ্চ বুনিয়াদী বিদ্যালয় আৰু উজনি মাজুলীত কালিৰ পৰা বিনামূলীয়া পাঠদান আৰম্ভ হৈছে। টীম মাজুলীৰ পৃষ্ঠপোষক, বিশিষ্ট সমাজকৰ্মী বিতোপন দলেয়ে মাজুলীৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশত সহায় হ’বলৈ উক্ত বিনামূলীয়া পাঠদান মাজুলীৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে আৰু অভিজ্ঞ শিক্ষকে পাঠদান কৰিছে বুলি জানিবলৈ দিছে।

নিয়মীয়া বাৰ্তা , বনগাঁও  : Date of Published, 5 July

You might also like