নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলী, আধাৰশিলা স্থাপন দ্বিতীয়খন উৰণীয়া সেতুৰ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ উন্নয়নৰ বাৰ্তা লৈ আজি যোৰহাটত উপস্থিত হয় অসমৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ড০ শৰ্মাক বিমানবন্দৰৰ পৰা বিশাল বাইক ৰেলীৰে আদৰি অনা হয়। শৰ্মাই নিজেও স্কুটি চলাই সমদলত অংশ লয়।

ৰৰৈয়া, সোণাৰীগাঁও আৰু গড়আলি হৈ জে এম চি এইচৰ সন্মুখত আয়োজিত এখন জনসভাত অংশ লয় মন্ত্ৰী ড০ শৰ্মাই। কমাৰবন্ধা পথত এখন ৰেলৱে উৰণীয়া সেতু নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ পিছতে যোৰহাট মেডিকেল কলেজ হাস্পতালৰ কাষত আয়োজিত জনসভাত অংশ লয়।

জনসভাত ভাষণত ড০ শৰ্মাই কয় যে প্ৰায় ৭৮ কোটি ২৭ লাখ টকাৰে নিৰ্মাণ হ’বলগীয়া ৰেলৱে অভাৰব্ৰিজখন ২৪ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰি যোৰহাটৰ ৰাইজৰ হাতত অৰ্পণ কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে লগতে কয়- ‘ভাৰতীয় জনতা পাৰ্টীয়ে যোৱাটো নিৰ্বাচনত ক্ষমতা লাভৰ পিছতে অত্যন্ত সততা আৰু বিনম্ৰতাৰে ৰাইজৰ সেৱাত আগবাঢ়িছে। জয়ী হৈ ক্ষমতাৰ দায়িত্ব লোৱাৰ পিছতে আমি অসমত লুঙী-ধুতি-সূতাৰ পৰিৱৰ্তে মানুহৰ জীৱনলৈ কিধৰণৰ মৌলিক পৰিৱৰ্তন আনিব পাৰি তাক লৈ চিন্তা কৰিছিলো। আমি বুজিছিলো যে শিক্ষাইহে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰিব আৰু সেই অনুযায়ী বিনামূলীয়া নামভৰ্তিকে ধৰি শিক্ষাখণ্ডৰ লগত জড়িত ছাত্ৰ-ছাত্ৰী, শিক্ষকক গুৰুত্ব দি চৰকাৰ আগবাঢ়িছে।’

You might also like