নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰত সাত দিনৰ বাবে লকডাউন পালিবলৈ আহ্বান যাদৱ পায়েঙৰ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ বিশ্ববাসীক বছৰৰ সাত দিনৰ বাবে লকডাউন পালন কৰিবলৈ আহ্বান জনালে অৰণ্য মানৱ যাদৱ পায়েঙে। প্ৰকৃতিবিদগৰাকীৰ মতে এবছৰত সাত দিনৰ বাবে হ’লেও পৃথিৱীখনে জিৰণি ল’ব পাৰিলে বহুখিনি উপকাৰ হ’ব।

লখিমপুৰ জিলা প্ৰশাসন আৰু জিলা বন বিভাগৰ উদ্যোগত আয়োজিত শতজান পক্ষী উৎসৱত অংশগ্ৰহণ কৰি আজি অৰণ্য মানৱগৰকীয়ে এই আহ্বান জনায়। তেওঁ লগতে উল্লেখ কৰে যে মানৱ জাতিয়ে প্ৰকৃতিক দাস হিচাপে ব্যৱহাৰ কৰি আহিছে, এনে ভয়ংকৰ মানসিকতাও বৰ্জনৰ বাবে তেওঁ আহ্বান জনায়।

শতজান পক্ষী উদ্যানৰ সমীপত অনুষ্ঠিত আজিৰ অনুষ্ঠানত প্ৰাক্তন উপায়ুক্ত, প্ৰকৃতিবিদ আনোৱাৰ উদ্দিন চৌধুৰী, জিলাৰ সহকাৰী আয়ুক্ত মনোজ বৰুৱা, বিজ্ঞানী ড০ প্ৰবাল শইকীয়াকে ধৰি বহকেইগৰাকী প্ৰকৃতিবিদে অংশগ্ৰহণ কৰে।

You might also like