ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবী : গোৱালপাৰাৰ পৰা কামৰূপলৈ আৰছুৰ বাইক ৰেলী
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিল : ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰা, ৰাভা চুক্তি কাৰ্যকৰী কৰা আৰু হাছং এলেকাৰ বাহিৰত থকা ৰাভা জনগোষ্ঠীৰ লোকৰ বাবে উন্নয়ন পৰিষদ গঠন কৰাৰ দাবীত বুধবাৰে আৰছুৰ আহ্বানত বিশাল প্ৰতিবাদী বাইক ৰেলী বাহিৰ কৰা হয়। আৰছুই গোৱালপাৰা জিলাৰ জয়ৰামকুছিৰ পৰা কামৰূপ জিলাৰ ৰাণীলৈ এই প্ৰতিবাদী বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰে। নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ যৌথ উদ্যোগত প্ৰায় ১৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাইক ৰেলী কাৰ্যসূচী গ্ৰহণ কৰা হয়। বকোত পুষ্প ছটিয়াই প্ৰতিবাদকাৰীক বিপুল আদৰণি জনাই একাংশ পুৰুষ-মহিলাই। এই বাইক ৰেলীত প্ৰায় ৬০০ লোকে দুয়োজন আৰোহীয়ে হেলমেট পিন্ধি অংশগ্ৰহণ কৰে। ইফালে চৰকাৰে ৰাভা ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে আৰছুৰ সভাপতি নৃপেন খান্দাই। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচী অন্তৰ্ভুক্তিৰ লগতে কেবাটাও জাতীয় সমস্যা সমাধানৰ দাবীত ইতিমধ্যে আৰছুকে ধৰি সহযোগী সংগঠনে অহা ৩০ মে’লৈ এক দীঘলীয়া প্ৰতিবাদী কাৰ্য্যসূচী ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে।
প্ৰেৰক প্ৰীতম বায়ন