🔹 ৰাজ্যৰ কৃষি অর্থনীতিক নতুন মাত্রা দি হাজাৰ হাজাৰ টন ৰপ্তানি
নিয়মীয়া বাৰ্তা, ১৫ ফেব্রুৱাৰী : নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ কৃষকে জলকীয়া উৎপাদনেৰে ৰাজ্যখনৰ কৃষি অর্থনীতিত নতুন মাত্রা প্রদান কৰিছে৷ মহকুমাটোৰ বিশেষকৈ চৰাঞ্চলৰ কৃষকে চৰৰ শ শ বিঘা ভূমিত কেৱল জলকীয়াৰ খেতি কৰিবলৈ লৈছে৷ ইয়াৰ সমান্তৰালভাৱে বিলাসীপাৰা চহৰত গঢ় লৈ উঠিছে কেঁচা জলকীয়াৰ এখন সুকীয়া বজাৰ৷ বিলাসীপাৰা মহকুমা কৃষি বিভাগ কার্যালয়ৰ পৰা জানিব পৰা মতে, চাপৰ অঞ্চলৰ পুুঠিমাৰী, ধীৰঘাট, নুনমাটিকে ধৰি চৰ অঞ্চলৰ প্রায় এহাজাৰ হেক্টৰ ভূমিত এইবাৰ জলকীয়াৰ খেতি হৈছে৷ সেইদৰে বিলাসীপাৰাৰ হাতীপোতা, মাসানেৰ আলগা, নায়েৰ আলগা, কাজাইকাটা, ঝেলটুৰ চৰ, গুটিপাৰা, বয়জেৰ আলগা, কাঁঠালদিত প্রায় ২,০১৫ হেক্টৰ ভূমিত কৃষকে জলকীয়াৰ খেতি কৰিছে৷ তেনেদৰে মহামায়া অঞ্চলতো প্রায় ৫০০ হেক্টৰ ভূমিত এইবাৰ জলকীয়াৰ খেতি কৰিছে৷ সর্বমুঠ প্রায় ৩,৫১৫ হেক্টৰ খেতিভূমিত ৰোপণ কৰা জলকীয়াৰ পুলিসমূহ লহপহকৈ বাঢ়ি আহিছে৷ ইতিমধ্যে বহিঃৰাজ্যলৈ কেঁচা জলকীয়া ৰপ্তানি পর্ব আৰম্ভ হৈছে৷ ইংৰাজী নৱবর্ষৰ জানুৱাৰী মাহৰ পৰা বিলাসীপাৰাৰ জলকীয়াৰ বজাৰ কেঁচা জলকীয়াৰে উভৈনদী হৈ পৰে৷ নিতৌ সন্ধিয়াৰ পৰা আৰম্ভ হোৱা বজাৰখনত চৰাঞ্চলৰ পৰা ঘোঁৰাগাডী, টেম্প’, ই–ৰিক্সা, ট্ৰেক্টৰ আদি বাহনেৰে কৃষকসকলে পুৱতিনিশালৈকে কেঁচা জলকীয়া বজাৰখনলৈ আনে৷ এই কৃষিজাত সামগ্রীখিনি স্থানীয় বেপাৰীসকলে ক্রয় কৰি পশ্চিমবংগ, বিহাৰ, উত্তৰ প্রদেশ, পঞ্জাব আদি ৰাজ্যৰ বিভিন্ন বজাৰত বিক্রী কৰে৷ জানিব পৰা মতে, চাৰি হাজাৰ টনতকৈও অধিক কেঁচা জলকীয়া ৰপ্তানি কৰি সেই অঞ্চলৰ চাহিদা পূৰণ কৰি আহিছে৷ ইফালে, কৃষকসকলৰ বাবে উন্নত বজাৰ সৃষ্টি কৰাৰ বাবে ইতিমধ্যে জিলা আৰু মহকুমা প্রশাসনৰ লগতে কৃষি বিভাগে গ্রীন চিলী প্রডিউচাৰ অর্গেনাইজেচন কো–অপাৰেটিভ ছ’চাইটী লিমিটেডৰ সহযোগত এফ পি অ’ নামৰ এটা সংস্থা গঠন কৰিছে৷ সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াৰ লগতে সংস্থাটোৱে কৃষকসকলক জৈৱিক পদ্ধতিৰে খেতি কৰাত সজাগ কৰিবলৈ প্রয়াস কৰি আহিছে৷ উল্লেখ্য যে সংস্থাটোৱে ইতিমধ্যে কৃষকসকলৰ উৎপাদিত সামগ্রী ডুবাইলৈ প্রেৰণ কৰিছিল৷ কিন্তু বিদেশত কেৱল জৈৱিকভাৱে উৎপাদিত সামগ্রীৰহে চাহিদা অধিক৷ এনে সামগ্রী উৎপাদন কৰিলে কৃষক অধিক উপকৃত হ’ব পাৰিব৷ সেয়ে কৃষকক কৃষি বিভাগৰ লগতে সংস্থাটোৱে জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ আহ্বান জনাই আহিছে৷ একাংশ খেতিয়কে বিগত ৭–৮ বছৰে জলকীয়াৰ খেতি কৰি আহিছে৷ বিঘাইপতি ১০ হাজাৰ টকা ব্যয় কৰি ৪০ৰ পৰা ৫০ হাজাৰ টকা উপার্জন কৰিবলৈ সক্ষম হৈছে৷ এই খেতিয়কৰ পৰা অনুপ্রাণিত হৈ আন খেতিয়কেও বিগত ৬–৭ বছৰৰ পৰা জলকীয়াৰ খেতি কৰিছে৷ বিঘাইপতি ১০–১২ হাজাৰ টকা খৰচ কৰি জলকীয়া উৎপাদন কৰি ৬০–৭০ হাজাৰ টকা পর্যন্ত উপার্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে৷ কেঁচা জলকীয়াৰ উৎপাদনৰ প্রতি লক্ষ্য কৰিয়ে তদানীন্তন বিধায়ক ড০ অশোক কুমাৰ সিংহীৰ তৎপৰতাত চৰকাৰে সুবিশাল জলকীয়াৰ বজাৰ নির্মাণ কৰিছে, য’ত কৃষক ৰাইজৰ লগতে বেপাৰীসকলৰ বাবে পর্যাপ্ত সা–সুবিধাৰ ব্যৱস্থা কৰিছে৷ বজাৰখন সম্প্রতি সমগ্র উত্তৰ–পূর্বাঞ্চলৰ এখন লেখত ল’বলগীয়া বজাৰ হিচাপে পৰিগণিত হৈছে৷ পিছে বজাৰখনত কৃষকসকল হাড়ভগা শ্রম কৰি উৎপাদন কৰা কেঁচা জলকীয়াৰ উচিত দামৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে৷ এইক্ষেত্রত সংশ্লিষ্ট বিভাগৰ হস্তক্ষেপ বিচাৰিছে কৃষকে৷
প্ৰেৰক সমৰেশ শীল শৰ্মা