🔹 সংগঠনবিৰোধী কার্যত জড়িত ৫৪ নেতা–সদস্যক বহিষ্কাৰ
বিশেষ বার্তা, লখিমপুৰ, ১৬ নৱেম্বৰ : বীৰ লাচিত সেনাই সংগঠনটোত এক বৃহৎ সংস্কাৰ সাধন কৰিছে৷ সংগঠনটোৰ পৰা ৫৪জনক বহিষ্কাৰ কৰা হৈছে৷ কালি লখিমপুৰ জিলা পুথিভঁৰালত অনুষ্ঠিত চিন্তন বৈঠকত বীৰ লাচিত সেনাই এনে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা কেইবাশ সদস্য তথা বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত চিন্তন বৈঠকত সংগঠনটোৱে ভালেকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত লয়৷ চিন্তন বৈঠকৰ অন্তত বিয়লি বীৰ লাচিত সেনাৰ কেন্দ্রীয় নেতৃত্বই এখন সংবাদ মেলযোগে তেওঁলোকৰ সিদ্ধান্তসমূহ সদৰী কৰে৷
সংগঠনটোৰ কেন্দ্রীয় ভাৰপ্রাপ্ত মুখ্য সচিব প্রাণজিৎ গগৈয়ে সংবাদ মেলখনত কয়– আমাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক চৰকাৰে যেনেদৰে ইখনৰ পৰা সিখন জে’ললৈ চোঁচৰাই লৈ ফুৰিছে তেনেদৰে কিন্তু দিল্লীৰ বোমা বিস্ফোৰণৰ পিছত হর্ষোল্লাস কৰি সামাজিক মাধ্যমত প’ষ্ট দিয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা নাই৷ আমি মুখ্য সচিবজনৰ লগতে গ্রেপ্তাৰ কৰা কেইবাজনো বিষয়ববীয়াক মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে মৌলবাদী শক্তিক উৎসাহ যোগোৱাসকলৰ বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা লোৱাৰো দাবী জনাইছোঁ৷ চৰকাৰৰ এনে পদক্ষেপত বীৰ লাচিত সেনাই সহযোগ কৰি যাব৷
তেওঁ আৰু কয় যে বীৰ লাচিত সেনা বহু প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ এনে প্রত্যাহ্বান নেওচি খিলঞ্জীয়া জাতিসত্তা ৰূপে মূৰ তুলি থিয় হৈ থাকিব পৰা এটা পৰিৱেশ সৃষ্টি যাতে কৰিব পাৰি আৰু তাৰ পৃষ্ঠভূমি যাতে তৈয়াৰ কৰিব পাৰি সেই উদ্দেশ্যে চিন্তন বৈঠকৰ আয়োজন কৰা হৈছে৷ বহু সংস্কাৰ সাধনৰ প্রস্তাৱ লোৱা হৈছে৷ বিদেশী, বাংলাদেশী উৎখাতৰ স্বার্থত এতিয়াৰ পৰা কঠোৰভাৱে সংগ্রামখন আমি আগুৱাই লৈ যোৱাৰ সিদ্ধান্ত লৈছোঁ৷ কোনো ছদ্মবেশীয়ে যাতে বীৰ লাচিত সেনাত সোমাই সংগঠনটোৰ বদনাম কৰি নিজৰ স্বার্থ সিদ্ধি কৰিব নোৱাৰে, তাৰ বাবে এতিয়াৰ পৰা সকলো সদস্যক পৰিচয়–পত্র প্রদান কৰা হ’ব৷ সংগঠনটোৰ এখন তদন্ত সমিতিৰ জৰিয়তে চিনাক্ত হোৱা ‘ছদ্মৱেশী’ ৫৪জনক তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ বহিষ্কাৰ কৰা হৈছে৷ বিকাশ বৰুৱাকে ধৰি ৫৪জন বহিষৃকত সদস্যৰ নামসমূহো তেওঁ সংবাদ মেলত সদৰী কৰে৷
তেওঁ নাম নোলোৱাকৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈক প্রত্যাহ্বান জনাই সকীয়নি দিয়ে৷ তেওঁ কয় যে শিৱসাগৰৰ বিধায়কজনক আমি মুকলি সমর্থন দিছিলোঁ৷ বীৰ লাচিত সেনাই জটিল সময়ত বহু কথাই শিকিছে৷ অখিল গগৈক জে’লৰ পৰা উলিয়াই বিধায়ক ৰূপে নির্বাচিত কৰাত বীৰ লাচিত সেনাই সহায় কৰিছিল৷ কিন্তু এতিয়া বীৰ লাচিত সেনাৰ বিপদৰ সময়ত তেওঁ ‘এইটো কি পার্টী? এইটো গণ্ডগোলীয়া পার্টী’ বুলি বীৰ লাচিত সেনাক তুচ্ছ–তাচ্ছিল্য কৰিছে৷ যি সময়ত আমি বাংলাদেশীবিৰোধী আন্দোলন কৰিছিলোঁ সেই সময়ত তেওঁ নামনিত সন্দেহজনক নাগৰিকক আলিংগন কৰিছে৷ তেনে নাগৰিকক তেওঁ চুম্বন কৰিছে৷ তেনে কৰি তেওঁ ‘ৰজা’ হোৱাৰ সপোন দেখিছে৷ কিন্তু তেওঁৰ সেই ৰজা হোৱাৰ সপোন বীৰ লাচিত সেনাই সফল হ’বলৈ নিদিয়ে৷ আজিৰ পৰা আমি তেওঁক প্রত্যাহ্বান জনাইছোঁ৷ তেওঁৰ ৰজা হোৱাৰ সপোন চাৰখাৰ হ’ব৷ অখিল গগৈক তেওঁ এইদৰে কঠোৰ সকীয়নি দিয়ে৷
সংবাদ মেলখনত বীৰ লাচিত সেনাৰ মুখ্য প্রশাসনিক সচিব শৃংখল চলিহাই কয় যে চৰকাৰ যিয়েই নহওক, আমাৰ সদায়েই চৰকাৰবিৰোধী স্থিতি থাকিব৷ যিয়ে জাতীয়তাবাদৰ পক্ষত থাকিব আমি তাৰ লগতে থাকিম বুলি তেওঁ বীৰ লাচিত সেনাৰ স্থিতি স্পষ্ট কৰি দিয়ে৷ ৰাজ্যত জনজাতিকৰণ সন্দর্ভত চলি থকা আন্দোলনৰ প্রসংগ তুলি তেওঁ কয় যে এইক্ষেত্রত মুখ্যমন্ত্রীগৰাকীৰ স্থিতি স্পষ্ট হ’ব লাগে৷ আমি জাতীয় সংগঠন হিচাপে কৈছোঁ, আমাক বাংলাদেশীমুক্ত অসম লাগে৷ আমাক ভূমিৰ অধিকাৰ লাগে৷ শৃংখল চলিহাই বাংলাদেশীৰ বিৰুদ্ধে আন্দোলনত নামিব বুলিও সদৰী কৰে৷ তেওঁ কয়– ধিং কাণ্ডক লৈ প্রতিবাদত নামিব লাচিত সেনা৷ বাংলাদেশীক চুম্বন কৰা বিধায়কৰ পক্ষত আমি নাই৷ বাংলাদেশীমুক্ত অসম হ’ব লাগিব৷ আজি ধিঙত অসমীয়া মানুহক কাটি উটুৱাই দিব বুলি ক’ব পৰা হ’ল৷ দুদিন পিছত অন্য ঠাইত কৰিব৷ অসম অসমীয়াৰ হৈ থাকিব লাগিব৷ অসমীয়া সকলো ঠাইতে মূৰ তুলি থাকিব পৰা হ’ব লাগিব৷
উল্লেখ্য যে সংগঠনটোৰ চিন্তন বৈঠকত কেন্দ্রীয় সভাপতি হেমন্ত বৰা, শৃংখল চলিহা, প্রাণজিৎ গগৈ, যাদৱ বৰা, নৱদীপ বৰাকে ধৰি কেন্দ্রীয় নেতৃবৃন্দৰ লগতে জিলা সমিতিৰ ৰূপাংকৰ বৰা, অজিত বুঢ়াগোহাঁই, মনোজ কলিতাসহ বহুকেইজন বিষয়ববীয়া আৰু ৰাজ্যৰ ভিন্ন প্রান্তৰ কেইবাশ সদস্যই অংশগ্রহণ কৰে৷