নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰেন্দ্র কুমাৰ বর্মনক সম্বর্ধনা কেন্দ্রীয় স্বাস্থ্য যোজনাৰ বিষয়া–কর্মচাৰীৰ

🔹 অসম ফার্মাচী পৰিষদৰ নির্বাচনত বিপুল ভোটত জয়ী

বিশেষ বাৰ্তা, ২৮ ফেব্রুৱাৰী : সদ্যঘোষিত অসম ফার্মাচী পৰিষদৰ নির্বাচনত দ্বিতীয় সর্বোচ্চ ভোট লাভ কৰি বিজয়ী হোৱা কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য যোজনা বিভাগ (চিজিএইচএছ)ৰ জ্যেষ্ঠ ফার্মাচী বিষয়া বীৰেন্দ্র কুমাৰ বর্মনক আজি বিপুল সম্বর্ধনা জ্ঞাপন কৰে৷ গুৱাহাটীস্থিত চিজিএইচএছৰ প্রেক্ষাগৃহত বিষয়া–কর্মচাৰীসকলে আয়োজন কৰা সম্বর্ধনা অনুষ্ঠানত অতিৰিক্ত সঞ্চালক ডাঃ ধীৰেন ইংতিয়ে ফুলাম গামোচা আৰু ফুলৰ থোপাৰে বর্মনক শুভেচ্ছা জ্ঞাপন কৰে৷ আধুনিক চিকিৎসা ক্ষেত্রখনত ফার্মাচিষ্টৰ গুৰুত্বৰ বিষয়টো উল্লেখ কৰি ডাঃ ইংতিয়ে আগন্তুক দিনত ফার্মাচী বৃত্তিৰ উৎকর্ষ সাধনৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ বর্মনক আহ্বান জনায়৷ অনুষ্ঠানটোৰ আঁত ধৰে এএপিপিৰ সাধাৰণ সম্পাদক জ্ঞানেন্দ্র হালৈয়ে৷

You might also like