নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট : আজি কামৰূপ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ অসমীয়া বিভাগে গীতিকবি পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ জন্মজয়ন্তী অনুষ্টুপীয়াকৈ উদযাপন কৰে। অসমীয়া বিভাগৰ ছাত্ৰী মৰমী দাসে আঁত ধৰা অনুষ্ঠানটোত বিভাগৰ মুৰব্বী বিদ্যুৎ দত্ত, সহকাৰী অধ্যাপক শিল্পী শৰ্মা, ড০ ৰুমী দাস আৰু ইৰা দাসৰ লগতে বহুসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। অনুষ্ঠানটোৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিভাগৰ মুৰব্বীগৰাকীয়ে। বিভাগৰ একাংশ ছাত্ৰীয়ে সমৱেতভাৱে পৰিৱেশন কৰা গীতিকবিগৰাকীৰ গীতে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। বিভাগটোৰ মুৰব্বী বিদ্যুৎ দত্তই পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ জীৱন আৰু কৃতি সম্পৰ্কে বক্তৃতা প্ৰদান কৰি কয়- “জীৱনৰ দুখ-যন্ত্ৰণাৰ মাজতো জীৱনক সৃষ্টিৰ উৎস হিচাপে গ্ৰহণ কৰা বৰুৱাৰ অন্তৰাত্মা গীতৰ মাজতে নিমজ্জিত আছিল। কেৱল সংগীতৰ ক্ষেত্ৰখনতেই নহয়, নাটক, প্ৰবন্ধ ৰচনা, অভিনয়, চাহ ব্যৱসায় আদি বিভিন্ন ক্ষেত্ৰত আত্মপ্ৰকাশেৰে তেওঁ অসমীয়া মানুহৰ বাবে এক অনুকৰণীয় আদৰ্শ এৰি গৈছে।” বিভাগটোৰ সহকাৰী অধ্যাপক শিল্পী শৰ্মাই পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ গীতত অসমীয়া লোকগীতৰ উপাদান সম্পৰ্কে ক’বলৈ গৈ গীতিকবিগৰাকীৰ গীত আৰু আইনাম, বিয়ানাম, গোসাঁইনাম পৰিৱেশনেৰে সামঞ্জস্য দেখুৱায় আৰু লগতে নিজস্ব ঐতিহ্য-সংস্কৃতিৰে জাতীয় পৰিচয় গঢ়াৰ গুৰুত্ব সম্পৰ্কে কয়। সহকাৰী অধ্যাপক ড০ ৰুমী দাসেও অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ বৰুৱাৰ অৱদান সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ ৰাখি গীতিকবিগৰাকীৰ এটি কবিতা আবৃত্তি কৰে। বিভাগটোৰ আন এগৰাকী সহকাৰী অধ্যাপক ইৰা দাসে গীতিকবিগৰাকীৰ গীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে। অনুষ্ঠানটোত বিভাগৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে গীতিকবিগৰাকীৰ জীৱনচৰ্যা সম্পৰ্কে কোৱাৰ লগতে গীত পৰিৱেশন কৰে। অনুষ্ঠানৰ শেষত ১৮ আগষ্টত দেহাৱসান ঘটা বিশিষ্ট শিক্ষাবিদ, অসমীয়া ভাষা আৰু জাতিৰ একনিষ্ঠ সেৱক দেৱেন দত্তৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস