নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীৰ অসম ভ্রমণৰ দিনাই ৰাজ্যজুৰি আছুৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা ২৩ ফেব্ৰুৱাৰীঃ ধেমাজিৰ ৰাইজ বানত বিধ্বস্ত হোৱাৰ সময়ত এবাৰলৈও খবৰ ল’বলৈ আহৰি নাপালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ এতিয়া তেওঁ নির্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বার্থত এমাহত তিনিবাৰকৈ অসম ভ্রমণ কৰি ভাষণৰ ফুলজাৰি মৰাটো অতিকৈ পৰিতাপৰ বিষয়৷ এই অভিযোগেৰে সোমবাৰে সদৌ অসম ছাত্র সন্থাই ৰাজ্যজুৰি প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি চিলাপথাৰত জনসভা সম্বোধন কৰি থকাৰ সময়তে আছুৱে সমগ্র ৰাজ্যত ক’লা পতাকা উত্তোলন, ক’লা বেজ পৰিধান কৰি দুঘণ্টীয়া বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰে৷ সদৌ অসম ছাত্র সন্থাৰ উত্তাল প্রতিবাদত ৰাজ্যৰ প্রতিখন জিলাৰ আকাশ–বতাহ মুখৰিত হৈ পৰে৷ এই কার্যসূচী সন্দর্ভত ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক বিবৃতিৰ জৰিয়তে কয় যে এমাহত তিনিবাৰ অসম ভ্রমণ কৰা প্রধানমন্ত্রীলৈ ছাত্র সন্থাৰ প্রত্যাহ্বান আছিল যে ধেমাজিৰ সভাত অসম চুক্তিৰ ৬নং দফা কেতিয়া ৰূপায়ণ হ’ব, তাৰ সময়–তাৰিখ ঘোষণা কৰাৰ৷ কিন্তু অতি লজ্জাজনকভাৱে তৃতীয়বাৰ অসম ভ্রমণৰ সময়তো তেওঁৰ ভাষণত স্থান নাপালে ৬নং দফাৰ প্রতিবেদনৰ প্রসংগই৷ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে কেন্দ্রীয় চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছিল৷ প্রতিবেদন লাভ কৰাৰ এসপ্তাহৰ ভিতৰতে দাড়ি–কমা সলনি নকৰাকৈ ৰূপায়ণৰ কাম আৰম্ভ কৰিব বুলি কেন্দ্রীয় গৃহমন্ত্রীয়ে ঘোষণা কৰিছিল৷ কিন্তু প্রতিবেদন জমা দিয়াৰ এবছৰে হ’ল অথচ চৰকাৰে এই প্রতিবেদনখন কার্যকৰী কৰাৰ ক্ষেত্রত এটা খোজো আগ নবঢ়ালে৷ গৃহমন্ত্রী অমিত শ্বাহৰ ভয়ত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রতিবেদনখন দিল্লীলৈ পঠিয়াবলৈও সক্ষম নহ’ল৷ এতিয়া নিজৰ বিশ্বস্ত মন্ত্রীৰ মুখেৰে প্রতিবেদনখন ৰূপায়ণ কৰিবলৈ অপাৰগতা প্রকাশ কৰিছে৷ এই কথা কোনো কাৰণতে মানি লোৱা নহ’ব৷ সাংবিধানিক ৰক্ষাকৱচ অসমৰ খিলঞ্জীয়া মানুহৰ প্রাপ্য অধিকাৰ প্রধানমন্ত্রীয়ে শেহতীয়াকৈ তিনিবাৰ অসম ভ্রমণৰ সময়ত এখন সভাতো অসম চুক্তিৰ ৬নং দফাৰ প্রসংগই স্থান নোপোৱা কার্যক ছাত্র সন্থাই ধিক্কাৰ দিছে৷

ইয়াৰ লগতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প আৰু অৰুণাচলৰ ভূমিকম্পপ্রৱণ এলেকাত প্রস্তাৱিত বৃহৎ নদীবান্ধসমূহে নামনি অংশত বসবাস কৰা মানুহৰ জীৱন–সম্পত্তি আৰু প্রাকৃতিক পৰিৱেশৰ প্রতি ভাবুকি মাতি আনিছে৷ অসমৰ বিশেষজ্ঞ সমিতিয়ে এই কথাবোৰ যুক্তিৰে উদঙাইছে৷ চৰকাৰে নিয়োগ কৰা ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী বিশেষজ্ঞসকলেও এই যুক্তিসমূহ খণ্ডন কৰিব নোৱাৰিলে৷ বিশেষজ্ঞৰ অনুমোদন আখৰে আখৰে পালন কৰিব বুলি ঘোষণা কৰা প্রধানমন্ত্রীয়ে অসমৰ ৰাইজৰ প্রতি দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰাৰ পৰিৱর্তে ধেমাজিত পৰোক্ষভাৱে নির্বাচনী প্রচাৰ চলোৱা ভাষণত এবাৰো ধেমাজিৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ প্রতি ভাবুকিস্বৰূপ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পকে ধৰি সকলো বৃহৎ নদীবান্ধৰ কাম সুৰক্ষা সুনিশ্চিত নোহোৱাপর্যন্ত বন্ধ ৰখাৰ কথা ঘোষণা কৰিবলৈ সাহস নহ’ল৷ আকৌ প্রতিবছৰে বান–গৰাখহনীয়া সমস্যাই জুৰুলা কৰা অসম, বিশেষকৈ ধেমাজিবাসী ৰাইজ ইয়াৰ ভুক্তভোগী৷ অন্যান্য ৰাজ্যত যেতিয়া বানপানী হয়, তেতিয়া প্রধানমন্ত্রীয়ে সেইসমূহ ৰাজ্যত উপস্থিত হৈ বিশেষ অর্থনৈতিক পেকেজ ঘোষণা কৰে৷ কিন্তু অসমৰ ক্ষেত্রত টেলিফোনতে খবৰ লৈ দায়িত্ব সামৰা পৰিলক্ষিত হয়৷

শাসনলৈ আহি গংগা নদীৰ প্রতি তেওঁ যি দৰদ দেখুৱালে, ঠিক তেনেদৰে ব্রহ্মপুত্রৰ বাবে এখনো আঁচনি ঘোষণা নকৰিলে৷ ধেমাজিৰ সভাত ডিঙিৰ সিৰ ফুলাই ভাষণৰ ফুলজাৰি মৰা প্রধানমন্ত্রীৰ সাহস নহ’ল অসমৰ বান–গৰাখহনীয়া সমস্যাক ৰাষ্ট্রীয় সমস্যা ৰূপে ঘোষণা কৰি ইয়াৰ বিজ্ঞানসন্মত পদক্ষেপ গ্রহণ কৰাৰ কথা ক’বলৈ৷ এইক্ষেত্রত ছাত্র সন্থাৰ স্পষ্ট মত– প্রতিবছৰে অসমৰ ৰাইজক জুৰুলা কৰা বানপানী আৰু গৰাখহনীয়াত আক্রান্ত ৰাইজক সকাহ দিবলৈ কেন্দ্রীয় চৰকাৰে পর্যাপ্ত ধন মোকলাই দিয়ক আৰু বান–গৰাখহনীয়াক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ সমাধানৰ কাৰণে বিজ্ঞানসন্মত পদক্ষেপ গ্রহণ কৰক৷ নির্বাচনী বৈতৰণী পাৰ হ’বলৈ বাৰে বাৰে অসম ভ্রমণ কৰি অসমৰ জনজীৱনক প্রভাৱিত কৰি অহা এই সমস্যাসমূহলৈ পিঠি দি পুনৰ মিছা প্রতিশ্রুতিৰে অসমৰ ৰাইজৰ আৱেগ–নুভূতিক লৈ খেলাব সুযোগ আৰু কাকো নিদিবলৈ ৰাইজৰ প্রতি সদৌ অসম ছাত্র সন্থাই আহ্বান জনাইছে৷

You might also like