নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত সাজু ৩০০ কোৱাৰেণ্টাইন কেন্দ্র

নিয়মীয়া বাৰ্তা, ২ মেঃ লকডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ আৰু কোম্পানী বন্ধৰ ফলত ঘৰলৈ উভতিব বিচৰা ব্যক্তিৰ সংখ্যা কেৱল বিশ্বনাথ জিলাত প্রায় ১২ হাজাৰৰ অধিক ৷ এই বৃহৎসংখ্যক ব্যক্তি ৩ মে’ৰ পিছত ৰাজ্যলৈ প্রত্যাৱর্তন কৰাটো প্রায় নিশ্চিত৷ কিন্তু ইমান বৃহৎসংখ্যক ব্যক্তিক একে সময়তে এখন জিলাত কোৱাৰেণ্টাইন কৰাটো প্রত্যাহ্বানস্বৰূপ জিলা প্রশাসনৰ বাবে৷ অৱশ্যে বিশ্বনাথ জিলাত প্রায় ৩ শতাধিক স্থানত পর্যায়ক্রমে বহিঃৰাজ্যৰ পৰা অহা ব্যক্তিক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে৷

কোৱাৰেণ্টাইন কেন্দ্রৰ বাবে সম্প্রতি জিলা প্রশাসনে বিভিন্ন হোষ্টেল, লজ, হোটেল আদি নির্বাচিত কৰিছে৷ অৱশ্যে বহিঃৰাজ্যফেৰৎ ব্যক্তিৰ সংখ্যা বৃদ্ধি পালে বিদ্যালয়–মহাবিদ্যালয় আদিকো ব্যৱহাৰ কৰাৰ চিন্তা কৰা হৈছে৷

ইফালে, বহিঃৰাজ্যত চিকিৎসা, তীর্থযাত্রা অথবা অন্য কামত হৈ আবদ্ধ লোকসকলক পর্যায়ক্রমে প্রেৰণ কৰিলে সুবিধা হ’ব বুলি জিলা প্রশাসনৰ সূত্রত প্রকাশ৷  ক’ৰোনাৰ প্রাৰম্ভিক লক্ষণ থকা ব্যক্তিৰ ক্ষেত্রতহে আনুষ্ঠানিক কোৱাৰেণ্টাইনৰ প্রট’কল আছে৷ তদুপৰি বাকীসকলক হোম কোৱাৰেণ্টাইনত ৰখাৰহে পোষকতা চৰকাৰৰ৷ কোৱাৰেণ্টাইনত ৰখা ব্যক্তিসকলক খাদ্য যোগানকে ধৰি চাফাই কর্মী আৰু কেন্দ্রটোৰ পৰিচালনাৰ বাবে বিষয়া নিযুক্তি দিয়া হৈছে৷ অৱশ্যে খাদ্য যোগান ধৰিবৰ বাবে ব্যক্তিগত ফার্ম আদিকো দায়িত্ব দিয়াৰ চিন্তা অব্যাহত আছে৷ ভয়াৱহ ক’ৰোনাৰ প্রতিৰোধৰ বাবে বিশ্বনাথ জিলা প্রশাসনে নিৰন্তৰ প্রচেষ্টা অব্যাহত ৰখাৰ সময়তে বহিঃৰাজ্যত আবদ্ধ লোকৰ পৰা জিলাখনক ক’ৰোনামুক্ত কৰিবলৈ লোৱা ব্যৱস্থাই তাৎপর্য বহন কৰিছে৷

দিকৰাইৰ পৰা হাৱাজান পর্যন্ত এইসকল বহিঃৰাজ্যত আবদ্ধ লোকক বিভিন্ন স্থানত কোৱাৰেণ্টাইন কৰাৰ বাবে তৎপৰতা ইতিমধ্যে আৰম্ভ হৈছে৷ অৱশ্যে আশা কৰা ধৰণে আন ৰাজ্যত আবদ্ধ ব্যক্তিৰ আগমন ঘটিলে বিশ্বনাথ জিলা প্রশাসনে মোকাবিলা কৰিবলৈ সক্ষম হ’ব৷

You might also like