নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লামডিঙত বন্ধ কৰা হ’ল কেন্দ্রীয় বিদ্যালয়ঃ বিশ্বনাথত আক্রান্ত আৰক্ষী

ৰাজ্যত ক’ভিডৰ সংক্রমণ বৃদ্ধিত আতংক

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ ৰাজ্যত বৃদ্ধি পাইছে ক’ভিড আক্রান্ত ৰোগীৰ সংখ্যা৷ প্রতিদিনে ক’ভিডত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে স্বাভাৱিকতে ৰাজ্যবাসীৰ মাজত আতংকৰ সৃষ্টি হৈছে৷ ক’ভিডৰ দ্বিতীয় লহৰে ৰাজ্যত পুনৰ শোচনীয় পৰিস্থিতিৰ সৃষ্টি কৰিব নেকি, তাক লৈও আশংকা বাঢ়িছে ৰাজ্যবাসীৰ মাজত৷ ইয়াৰ লগে লগে ভিন্ন প্রান্তত নিতৌ আক্রান্ত হৈছে কেইবাজনো লোক৷ আজিৰ দিনটোত ৰাজ্যত ক’ভিডত আক্রান্ত হৈছে মুঠ ২৮১গৰাকী লোক৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ২৫,১১৯টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আক্রান্তৰ হাৰ হৈছে ১.১২ শতাংশ৷ আক্রান্তসকলৰ ১৫৩গৰাকীয়েই কামৰূপ মহানগৰ জিলাৰ৷

ইফালে, ৰাজধানী চহৰ গুৱাহাটীত ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাত এখন বিশেষ বৈঠকৰ আয়োজন কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ এই সভাত ক’ভিডৰ সংক্রমণ বৃদ্ধিক লৈ উদ্বিগ্ণতা প্রকাশ কৰি জিলা উপায়ুক্তজনে জিলা স্বাস্থ্য বিভাগক আক্রান্তৰ সংস্পর্শলৈ অহা লোকসকলক চিনাক্তকৰণত অধিক গুৰুত্ব দিবলৈ নির্দেশ দিয়ে৷ ক’ভিড আক্রান্তৰ সংস্পর্শলৈ অহা অতি কমেও ৩০জন ব্যক্তি চিনাক্ত কৰি উচিত ব্যৱস্থা ল’বলৈ তেওঁ নির্দেশনা দিছে৷ সেইদৰে বিমানবন্দৰ আৰু ৰে’ল ষ্টেচনত ক’ভিড টেষ্টৰ ওপৰতো উপায়ুক্তজনে বিশেষ গুৰুত্ব প্রদান কৰে৷

ইফালে, আজি বিশ্বনাথত আৰক্ষী ক’ভিডত আক্রান্ত হোৱাত জিলাখনত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ অনুষ্ঠিত তৃতীয় পর্যায়ৰ নির্বাচনত কর্তব্য পালন কৰি উভতি অহাৰ পাছতে এই আৰক্ষী লোককেইজন ক’ভিডত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ ৰেপিড এণ্টিজেন টেষ্টত ক’ভিডত আক্রান্ত হোৱা বুলি ধৰা পৰা আৰক্ষীকেইজন হৈছে বলিন বসুমতাৰী, মনোৱাৰ আলী আৰু নাৰায়ণ বৰুৱা৷ বিশ্বনাথ আৰক্ষী চকীত কর্মৰত মনোৱাৰ ভেকচিন ল’বলৈ অহাৰ সময়তে তেওঁ ক’ভিডত আক্রান্ত হোৱা বুলি ধৰা পৰে৷ আনহাতে, লামডিঙত নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে ১৫জন লোক৷ লামডিঙত ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হৈছে লামডিং কেন্দ্রীয় বিদ্যালয়৷ কালি বিদ্যালয়খনৰ দুজন শিক্ষার্থীৰ শৰীৰত ক’ভিড ধৰা পৰাৰ পাছত এই সিদ্ধান্ত গ্রহণ কৰাৰ লগতে সকলো শিক্ষক–শিক্ষয়িত্রীৰ ক’ভিড পৰীক্ষা কৰা হৈছে৷
দৰঙত ৫জন আক্রান্ত
দৰং জিলাত আজি ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ৫জন লোক৷ চলিত বর্ষৰ জানুৱাৰীৰ পৰা বর্তমানলৈ জিলাখনত আক্রান্তৰ সংখ্যা হৈছে ২৬জন৷ ইয়াৰে ১৫জন ইতিমধ্যে সুস্থ হৈছে৷
কামপুৰত আক্রান্ত মহিলা
কামপুৰৰ উজানমাৰীৰ ৰহিমা খাতুন নামৰ এগৰাকী মহিলা আজি নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ সম্প্রতি তেওঁক হোম আইছ’লেচন কৰা হৈছে৷
বজালীত ৬জনৰ শৰীৰত ক’ভিড
বজালীৰ পাঠশালাৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ হিতেশ তালুকদাৰে সদৰী কৰা অনুসৰি জিলাখনত মুঠ ৬জন লোকৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷ কোনো ভ্রমণ বৃত্তান্ত নোহোৱাকৈ এই লোকসকল আক্রান্ত হৈছে৷ চিকিৎসগৰাকীয়ে বজালীবাসীক সাৱধানে থাকিবলৈ আহ্বান জনাইছে৷
সোণাপুৰত ৫২জনলৈ বৃদ্ধি পজিটিভ ৰোগী
সোণাপুৰৰ টেপেছিয়াস্থিত লক্ষ্মীবাঈ ৰাষ্ট্রীয় শাৰীৰিক শিক্ষা প্রতিষ্ঠানৰ নতুনকৈ ৫গৰাকী ছাত্র ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰ লগে লগে ক’ভিডত আক্রান্তৰ সংখ্যা ৫২জনলৈ বৃদ্ধি পাইছে৷ এই প্রতিষ্ঠানখনত থকা অধিকাংশ ছাত্রই বহিঃৰাজ্যৰ৷
নগাঁৱত ১২জন আক্রান্ত
নগাঁও জিলাত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১২জন লোক৷ ইয়াৰ লগে লগে জিলাখনত ক’ভিডত আক্রান্ত ৰোগীৰ সংখ্যা ৫৭জনলৈ বৃদ্ধি পালে৷ আজি আক্রান্ত হোৱাসকলৰ চাৰিজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷

You might also like