নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফৰ সকলো প্রার্থীকে কোকৰাঝাৰলৈ তলব

হর্ছ ট্রেডিঙৰ ভূতে খেদিছে হাগ্রামা মহিলাৰীকো

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ হর্ছ ট্রেডিঙৰ শংকাত ভোগা মহাজোঁটক নেতৃত্ব দিয়া কংগ্রেছ আৰু এ আই ইউ ডি এফে নিজ দলৰ প্রার্থীক বহিঃৰাজ্যলৈ প্রেৰণ কৰাৰ পাছত বি পি এফ দলেও হর্ছ ড্রেডিঙৰ আশংকাত ভুগিছে৷ দলৰ প্রার্থীক হর্ছ ট্রেডিঙৰ পৰা ৰক্ষা কৰিবলৈ আজি বি পি এফপ্রধান হাগ্রামা মহিলাৰীয়ে দলৰ সকলো প্রার্থীকে কোকৰাঝাৰলৈ তলব কৰে৷ শুকুবাৰে বিয়লি মহিলাৰীয়ে সকলো প্রার্থীলৈ বার্তা প্রেৰণ কৰি বিটিচি সদৰ কোকৰাঝাৰত উপস্থিত হ’বলৈ নির্দেশ দিয়ে৷ মুখ্যতঃ দলৰ সকলো প্রার্থীকে একগোট কৰি ৰখাৰ লক্ষ্যৰে কোকৰাঝাৰত উপস্থিত হ’বলৈ দিয়া হাগ্রামা মহিলাৰীয়ে বিটিচি নির্বাচনৰ দৰে দলীয় প্রার্থীক কোকৰাঝাৰ অথবা বহিঃৰাজ্যৰ হোটেলত আবদ্ধ কৰি ৰখাৰ সম্ভাৱনাই দেখা দিছে৷

উল্লেখ্য যে ইতিমধ্যে এ আই ইউ ডি এফ আৰু কংগ্রেছে ১৮জনকৈ প্রার্থীক ৰাজস্থানলৈ প্রেৰণ কৰিছে৷ অৱশ্য এই সমগ্র বিষয়টো আওপকীয়াকৈ অস্বীকাৰ কৰিছে মন্ত্রী তথা বি পি এফৰ প্রার্থী প্রমীলাৰাণী ব্রহ্মই৷  এই সন্দর্ভত মন্ত্রী ব্রহ্মই ৰাজ্যত হর্ছ ড্রেডিঙৰ আশংকা নুই কৰা নাই যদিও বিজেপিয়ে চৰকাৰ গঠনৰ বাবে সংখ্যাগৰিষ্ঠতা লাভ নকৰিব বুলি কয়৷ ইফালে হর্ছ ড্রেডিঙৰ শংকাত বি পি এফপ্রধান হাগ্রামা মহিলাৰীয়ে বি পি এফৰ প্রার্থীসকলক কোকৰাঝাৰলৈ তলব কৰা আৰু হোটেলত আবদ্ধ কৰা বিষয়টোক অস্বীকাৰ কৰি প্রমীলাৰাণী ব্রহ্মই কয়– নির্বাচনৰ শেষত সমষ্টিৰ ভোটগ্রহণৰ সবিশেষ জনাৰ বাবে দলৰ সভাপতিয়ে কাৰোবাক মাতিবও পাৰে৷ কিন্তু সেইবুলি হর্ছ ড্রেডিঙৰ শংকা নহয় বুলি জনায়৷ তেওঁক অৱশ্যে এই সংক্রান্তত দলৰ পৰা কোনো তলব অহা নাই যদিও মন্ত্রী ব্রহ্মই আজি কোকৰাঝাৰৰ গৌৰাং হোটেলত বি পি এফৰ প্রার্থী দুজন চৰেন বডো আৰু কমলসিং নার্জাৰী বাহৰ পতাটো স্বীকাৰ কৰে৷

You might also like