নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম–দ্বিতীয় পর্যায়ৰ ভোটতে চৰকাৰ গঠন নিশ্চিতঃ দাবী বিজেপিৰ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ৪০টা সমষ্টিৰ বাবে আজি হোৱা তৃতীয় তথা অন্তিম পর্যায়ৰ নির্বাচনৰ ভোটগ্রহণ শেষ হোৱাৰ পূর্বে চলিছে চৰকাৰ গঠনৰ সমীকৰণ৷ ৰাজ্যৰ প্রতিটো প্রধান ৰাজনৈতিক দলে প্রথম আৰু দ্বিতীয় নির্বাচনৰ পাছতেই সংখ্যাগৰিষ্ঠতাৰ ওচৰ চপা বুলি দাবী কৰাৰ লগতে তৃতীয় পর্যায়ৰ নির্বাচনে চৰকাৰ গঠনৰ পথ প্রশস্ত কৰিব বুলিও ঘোষণা কৰিছে৷

বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব বুলি ইতিপূর্বে ঘোষণা কৰাৰ সমান্তৰালকৈ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটেও সংখ্যাগৰিষ্ঠ আসন লাভেৰে ২ মে’ত বিজয় সাব্যস্ত কৰিব বুলি দাবী কৰিছে৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ পূর্বে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নির্বাচনী সভাত স্পষ্টকৈ ঘোষণা কৰি ক’লে– প্রথম পর্যায়ত ৩৯খন আসন লাভ কৰাৰ বিপৰীতে দ্বিতীয় পর্যায়ত মিত্রদলে লাভ কৰিব ২৫খন আসন৷ অর্থাৎ প্রথম দুটা পর্যায়ৰ নির্বাচনৰ জৰিয়তে মিত্রদলে ৬৪ আসন লাভ কৰিব বুলি ঘোষণা কৰিছে মন্ত্রী ড০ শর্মাই৷

আনকি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও প্রথম পর্যায়ত বিজেপিয়ে ৩৭খন আসন দাবী কৰিছে৷ একেদৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে প্রথম পর্যায়ত ৪৬খন আসনত জয়ী হ’ব বুলি দাবী কৰিছে৷ বিজেপিৰ এনে দাবীৰ বিপৰীতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ দাবী– প্রথম পর্যায়ত কংগ্রেছে ৩০খনৰো অধিক আসন লাভ কৰিব৷ দ্বিতীয় আৰু তৃতীয় পর্যায়ত মহাজোঁটে সর্বাধিক আসন দখলেৰে চৰকাৰ গঠন কৰিব বুলিও স্পষ্ট কৰিলে ৰিপুণ বৰাই৷

মহাজোঁটৰ অন্যতম অংশীদাৰ বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে প্রথম পর্যায়ত মহাজোঁটে ২০খনৰো অধিক আসন লাভ কৰিব বুলি দাবী কৰাৰ বিপৰীতে এ আই ইউ ডি এফৰ মুৰব্বী আজমলৰ ঘোষণা– প্রথম পর্যায়ত ৪২খন আসন লাভ কৰিব মহাজোঁটে৷ আনহাতে, দ্বিতীয় আৰু তৃতীয় পর্যায়ত ৯৫ শতাংশ ভোট মহাজোঁটে লাভ কৰিব বুলিও দাবী কৰে আজমলে৷ এ আই ইউ ডি এফৰ সভাপতিগৰাকীৰ মন্তব্য– উজনি অসমত বিজেপিয়ে কিছু আসন পাব যদিও নামনি অসমৰ সকলো আসন আমাৰ৷ তৃতীয় পর্যায়ত এখনো আসন নাপায় বিজেপিয়ে৷

উল্লেখ্য যে কাইলৈ অন্তিম পর্যায়ৰ ভোটগ্রহণত ভাগ্য নির্ণয় হ’ব ৪০টা সমষ্টিৰ প্রার্থীৰ৷ ইতিমধ্যে প্রথম পর্যায়ৰ ৪৭টা সমষ্টি আৰু দ্বিতীয় পর্যায়ত ৩৯টা সমষ্টিৰ বাবে হৈ যোৱা নির্বাচনত প্রায় ৮০ শতাংশ ভোটাৰে ভোটদান নিশ্চিত কৰিছে৷ এনে অৱস্থাত প্রথম দুটা পর্যায়ৰ নির্বাচন যথেষ্ট প্রতিদ্বন্দ্বিতামূলক হোৱাটো প্রায় নিশ্চিত হৈছে৷

উজনিত বিজেপিয়ে কিছু আধিপত্য লাভ কৰাৰ সম্ভাৱনা আছে যদিও দ্বিতীয় পর্যায়ৰ নির্বাচনত মিত্রদল আৰু মিত্রজোঁটৰ মাজত তীব্র প্রতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত হৈছে৷ আনহাতে, কাইলৈ অনুষ্ঠিত হ’ব লগা অন্তিম পর্যায়ৰ নির্বাচনত মিত্রজোঁটে আধিপত্য লাভ কৰাৰ সম্ভাৱনা আছে যদিও কেইবাটাও সমষ্টিত মহাজোঁটৰ সমীকৰণত হেঙাৰ হিচাপে থিয় দিছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্রার্থীয়ে৷

সমান্তৰালভাৱে কেইবাটাও সমষ্টিত কংগ্রেছ আৰু এ আই ইউ ডি এফৰ বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাই মিত্রজোঁটৰ বাবে সৃষ্টি কৰিছে সমস্যা৷ তদুপৰি প্রার্থিত্ব বঞ্চিত একাংশ প্রার্থীয়ে কংগ্রেছ–এ আই ইউ ডি এফৰ ভোটবেংকত খেলিমেলি কৰাৰ সম্ভাৱনাও অধিক৷ এনে অৱস্থাত কাইলৈ হ’ব লগা ৪০ সমষ্টিৰ নির্বাচনে চৰকাৰ গঠনৰ সমীকৰণত যথেষ্ট খেলিমেলি কৰাৰ সম্ভাৱনা আছে৷

You might also like