নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ নির্বাচনী কার্যালয়ত ধন হৰলুকী কৰি নিলম্বিত নির্বাচনী বিষয়া

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ বৰপেটাৰ নির্বাচনী বিষয়াৰ কার্যালয়ৰ পৰা ৫৫ লাখ টকা চুৰি হোৱা ঘটনাৰ বাবে নির্বাচনী বিষয়া শশী কুমাৰ ডেকাক তৎকালীনভাৱে কার্যকৰী হোৱাকৈ নির্বাচন আয়োগে নিলম্বন কৰিছে৷ কর্তব্যত অৱহেলাৰ অভিযোগত বৰপেটাৰ নির্বাচনী বিষয়াগৰাকীক ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাৰেই এক নির্দেশযোগে নিলম্বন কৰে৷ নিলম্বনৰ নির্দেশ বলৱৎ হৈ থকা পর্যন্ত সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমতি অবিহনে বৰপেটা ত্যাগ কৰিব নোৱাৰিব শশী কুমাৰ ডেকাই৷ শশী কুমাৰ ডেকাৰ স্থানত সহকাৰী আয়ুক্ত গায়ত্রী শর্মাক বৰপেটাৰ নির্বাচনী বিষয়াৰ দায়িত্ব প্রদান কৰিছে নির্বাচন আয়োগে৷

উল্লেখ্য যে প’লিং আৰু প্রিজাইডিং বিষয়াসকলক পাৰিতোষিক প্রদানৰ বাবে শুকুৰবাৰে ৫৫ লাখ ৫০ হাজাৰ ৩০০ টকা বেংকৰ পৰা উলিয়াই আনি বৰপেটাৰ নির্বাচনী বিষয়াৰ কার্যালয় কক্ষত জমা ৰখা হৈছিল৷ শুকুৰবাৰে নিশাই কার্যালয়টোৰ পৰা ৫৫ লাখ টকা চুৰি হয়৷ প’লিং আৰু প্রিজাইডিং বিষয়াসকলক মাননি হিচাপে দিবলৈ ভাৰতীয় ষ্টেট বেংকৰ বৰপেটা শাখাৰ পৰা উলিয়াই অনা নগদ ধনৰাশি চুৰি হোৱাত নির্বাচনী বিষয়াকে ধৰি কার্যালয়টোৰ কর্মচাৰীৰসকল হতবাক হৈ পৰে৷ হুৱাদুৱা লাগে বৰপেটা জিলা প্রশাসনৰ অভ্যন্তৰত৷ একপ্রকাৰ অচলাৱস্থাৰ সৃষ্টি হয় সমগ্র নির্বাচনী ব্যৱস্থাত৷ তাৎপর্যপূর্ণভাৱে এই ঘটনাৰ পাছত চৰাঞ্চলৰ দূৰণিবটীয়া ১৩৮টা ভোটগ্রহণ কেন্দ্রলৈ কালি ৰাওনা হোৱা প’লিং আৰু প্রিজাইডিং বিষয়াসকলক দুখনকৈ ব্যক্তিগত ব্যৱসায়িক প্রতিষ্ঠানৰ পৰা ৪০ লাখ টকাৰ ঋণ লৈ মাননি পৰিশোধ কৰিবলগীয় হয় জিলা প্রশাসনে৷ এই চুৰিকাণ্ড সন্দর্ভত নির্বাচনী বিষয়াৰ কার্যালয়ৰ কনিষ্ঠ সহায়ক হেমাংগ চৌধুৰীয়ে বৰপেটা সদৰ থানাত লিখিত অভিযোগ দাখিল কৰে৷

বৰপেটা সদৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া তপন মেধিৰ নেতৃত্বত স্থানীয় আৰক্ষীৰ দলে এই সন্দর্ভত তদন্ত আৰম্ভ কৰে আৰু কার্যালয়টোৰ দুই কর্মচাৰী ক্রমে অলকেশ ডেকা আৰু প্রাঞ্জল কাকতিসহ পাঁচজন কর্মচাৰীৰ লগতে দুজন যুৱকক সোধা–পোছাৰ বাবে আটক কৰে৷ ধৃত কর্মচাৰীকেইজনৰ ঘৰত আৰক্ষীৰ বৃহৎ দলে তালাচী অভিযান চলায় যদিও চুৰি হোৱা ধনৰাশি উদ্ধাৰত ব্যর্থ হয়৷ আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাত অৱশেষত চুৰি হোৱা ধনৰাশি কার্যালয়টোৰ কম্পিউটাৰ সহায়ক অলকেশ ডেকা আৰু কনিষ্ঠ সহায়ক প্রাঞ্জল কাকতিয়ে চুৰি কৰি নি গোপন স্থানত লুকুৱাই ৰখা বুলি স্বীকাৰ কৰে৷ সেইমর্মে দুয়োজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বৰপেটা চহৰৰ কুজিৰদ হাটীৰ অলকেশ ডেকাৰ শহুৰেক হৰিদেৱ দাসৰ বাসগৃহৰ লগতে তেওঁৰ দোকানৰ পৰা আৰু প্রাঞ্জল কাকতিৰ শহুৰেক মধ্য পালাংদি হাটীৰ সুবোধ দাসৰ বাসগৃহৰ পৰা মুঠ ৪৬ লাখ ৭৮ হাজাৰ ৭৫০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

আনহাতে, বাকী ধনৰাশি প্রাঞ্জল কাকতিৰ বাসগৃহ আৰু অলকেশ ডেকাৰ এগৰাকী সম্পর্কীয় লোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয়৷ ইতিমধ্যে বৰপেটা সদৰ আৰক্ষী থানাত এই সংক্রান্তত এটা গোচৰ পঞ্জীয়ন কৰি (গোচৰ নং ৭৬০/২০২১) আজি গ্রেপ্তাৰ কৰা দুয়োজন কর্মচাৰীক বৰপেটাৰ আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে দুয়োজনকে জে’ল–হাজোতলৈ প্রেৰণ কৰে৷

ইপিনে, নির্বাচনী বিষয়াৰ কার্যালয়ৰ পৰা এনেদৰে লক্ষাধিক টকা চুৰি হোৱা ঘটনাই বিভিন্ন প্রশ্নৰ উদ্রেক ঘটাইছে৷ কাৰ নির্দেশত দুদিন পূর্বেই লক্ষাধিক টকা বেংকৰ পৰা উলিয়াই অনা হৈছিল, কি ৰহস্যজনক কাৰণত ইমান পৰিমাণৰ নগদ ধন কার্যালয়টোৰ ড্রাংকত জমা ৰখা হৈছিল, সেই সন্দর্ভতো তদন্তৰ প্রয়োজন আছে বুলি বিভিন্ন মহলে মন্তব্য কৰিছে৷

You might also like