নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ প্রথমগৰাকী মহিলা ক্রিকেট ধাৰাভাষ্যকাৰ চন্দ্রা নাইডুৰ মৃত্যু

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ ভাৰতৰ প্রথমগৰাকী মহিলা ক্রিকেট ধাৰাভাষ্যকাৰ চন্দ্রা নাইডু আৰু নাই৷ দীর্ঘদিন ধৰি অসুখত ভুগি থকা চন্দ্রা নাইডুৰ দেওবাৰে পৰলোকপ্রাপ্তি ঘটে৷ ভাৰতৰ কিংবদন্তি ক্রিকেটাৰ চি কে নাইডুৰ কন্যা চন্দ্রা নাইডুৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৮ বছৰ৷ ’৭০ৰ দশকত ক্রিকেটৰ ধাৰা বিৱৰণী দি সুনাম অর্জন কৰিবলৈ সক্ষম হোৱা চন্দ্রা নাইডু মধ্য প্রদেশ ক্রিকেট এছ’চিয়েচনৰ আজীৱন সদস্যও আছিল৷ মহিলা ক্রিকেট ধাৰাভাষ্যকাৰগৰাকীৰ্ মৃত্যুত শোক প্রকাশ কৰি এম পি চি এৰ সভাপতি অভিলাষ খাণ্ডেকাৰে কয় যে প্রথমে ক্রীড়া সাংবাদিকতা কৰি চন্দ্রা নাইডুৱে পিছলৈ ক্রিকেটৰ ধাৰা বিৱৰণী দি সকলোৰে মাজত চিনাকি হৈ পৰিছিল৷

You might also like