আজি মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম দিনটোত পাৰভগা উছাহ আৰু হাজাৰ হাজাৰ সমৰ্থকৰ মাজেৰে আহি আজি ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ধুবুৰী জিলাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে।
সৰ্বপ্ৰথমে জিলাখনৰ বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী মাধৱী দাসে জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে সাংবাদিকৰে হোৱা কথা-বতৰাত দাসে সমষ্টিটোৰ ৰাইজৰ ভাল সঁহাৰি পোৱা বুলি মন্তব্য কৰে আৰু এইবাৰ তেওঁ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।
মাধৱী দাসৰ পিছে পিছে এক বিশাল সমদলেৰে উপস্থিত হোৱা ধুবুৰীৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। সাংবাদিকৰে হোৱা কথা-বতৰাত সমষ্টিবাসীৰ সহযোগত বিজয়ী হৈ গোলকগঞ্জ বিধানসভা সমষ্টিকে ধৰি সামগ্ৰিকভাৱে সমগ্ৰ ধুবুৰী জিলাৰ উন্নয়নৰ বাবে কাম কৰিব বুলি তেওঁ দোহাৰে।
ইয়াৰ পিছত সমৰ্থকৰ পাৰভগা উছাহৰ মাজেৰে বিশাল এক সমদলেৰে ধুবুৰীস্থ জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ধুবুৰী বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী উত্তম প্ৰসাদে। সাংবাদিকৰ সন্মুখত তেওঁ সমষ্টিটোত কৰিবলগীয়া বিভিন্ন উন্নয়নমূলক কামৰ বিষয়বোৰ উনুকিয়ায় আৰু সেই কামবোৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। উল্লেখ্য যে আজি প্ৰসাদে মনোনয়ন পত্ৰ জমা দিয়াৰ পূৰ্বে উলিওৱা বিশাল সমদলটোত সংখ্যালঘু ৰাইজৰ উপস্থিতিও দেখা যায়।
ইপিনে, আজি মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিমটো দিনত ধুবুৰীস্থ জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ নিজৰ নিজৰ মনোনয়ন পত্ৰ জমা দিয়ে বিজেপি মিত্ৰজোঁটৰ বিলাসীপাৰা আৰু গৌৰীপুৰ বিধানসভা সমষ্টিৰ অগপ দলৰ প্ৰাৰ্থী ক্ৰমে জীৱেশ ৰায় আৰু মেহতাবুল হকে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৩ মাৰ্চ :