নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্থেবাৰীৰত বিজেপি কৃষক মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

  • লোকসভা নিৰ্বাচনৰ পূৰ্বেই সমষ্টিয়ে সমষ্টিয়ে তৎপৰতা বিজেপিৰ
  • সৰ্থেবাৰীৰত বিজেপি কৃষক মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰত বিশ্বগুৰু আসনলৈ গতি কৰিছে- ৰঞ্জিত ভট্টাচাৰ্য্য

 

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ:  দুদিনীয়া কাৰ্য্যসূচীৰে বজালী জিলাৰ সৰ্থেবাৰীত অনুষ্ঠিত হৈছে ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিজেপিৰ কার্যকর্তা সকলে ভিৰ কৰিছে কাৰ্যনিৰ্বাহক সভাত। ২০২৪ লোকসভা নিৰ্বাচনৰ পুৰ্বেই ব্যাপক তৎপৰতা আৰম্ভ কৰিছে বিজেপিয়ে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো মৰ্চা, প্ৰতিটো কোষ সাজু হৈছে নিৰ্বাচনৰ বাবে। ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম গুৰুত্বপূৰ্ণ মৰ্চা হৈছে কিষাণ মৰ্চা। ৫ আৰু ৬ মাৰ্চ তাৰিখে সৰ্থেবাৰীত অনুষ্ঠিত হোৱা সভাত দলৰ বিভিন্ন প্ৰান্তৰ কার্যকর্তা সকল উপস্থিত থাকে। এই কাৰ্যনিৰ্বাহক সভাত ৰাজনৈতিক প্ৰস্তাৱ পাঠ কৰে অসম ৰাজ্যিক বিজেপি কিষাণ মৰ্চাৰ উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্যই।

ৰাজনৈতিক প্ৰস্তাৱ পাঠ কৰি ৰঞ্জীয় ভট্টাচাৰ্য্যই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বলিষ্ঠ নেতৃত্বত ভাৰতে বিশ্বগুৰু আসন লাভৰ দিশে অগ্ৰসৰ হৈছে। ভাৰতৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়ন, সম অধিকাৰ কম বিকাশ নীতিৰ আধাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক উচ্চ শিখৰলৈ লৈ যোৱাৰ বাবে দীৰ্ঘ ম্যাদী আঁচনি গ্ৰহণ কৰিছে। উদ্যোগ, বাণিজ্য , কৃষি, স্বাস্থ্য, সকলো দিশতে ভাৰতৰ স্থান উচ্চ স্থানত। আন হাতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসমক দেশৰ ৫ খন ৰাজ্যৰ ভিতৰত স্থান লবলৈ দিনে নিশাই জনতাৰ বাবে কাম কৰিছে বিৰামহীন গতিৰে। নিবনুৱা সমস্যা দূৰীকৰণ, ১ লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণৰ পথত বুলি মন্তব্য কৰি ৰঞ্জিত ভট্টাচাৰ্য্যই কয় আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কার্যকর্তাই চৰকাৰৰ অভিলাসী আঁচনি সুন্দৰ প্ৰচেষ্টা সমূহৰ খবৰ জনতাৰ মাজলৈ লৈ যাবলৈ অনুৰোধ জনায়।

আজিৰ সভাত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, মুখপাত্ৰ মনোজ বৰুৱা, কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিত বৰা, উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্য, বিজেপি উপ সভাপতি অশোক ভত্ত ৰায়, কৃষ্ণ কান্ত বৰা, বিধায়ক ফণীধৰ তালুকদাৰ, বজালী জিলাৰ সভাপতি নগেন চক্ৰৱৰ্তী প্ৰমুখ্যে বহু দলীয় কার্যকর্তা।

You might also like