কাজিৰঙা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা তাছাৰ হোজাইত নিৰ্বাচনী ৰেলী
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী ঘোষণা হোৱাৰ লগে লগে নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই আজি সহস্ৰাধিক কৰ্মী আৰু সমৰ্থকৰ সৈতে এক বিশাল ‘বাইক ৰেলী’ কৰি এক সভা অনুষ্ঠিত কৰে। বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা যুৱ নেতা অৰ্জুন মজুমদাৰৰ সৈতে জিলা বিজেপিৰ সভাপতি অনুপ দেৱে প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীজন আজি হোজাইলৈ আহে। হোজাইৰ ডবকা ষ্টেট বেংকৰ সন্মুখৰ পৰা হাজাৰ হাজাৰ বিজেপি কৰ্মী-সমৰ্থকে বাইক ৰেলী কৰি জিলা সদৰ শংকৰদেৱ নগৰ, যোৰাপুখুৰী হৈ হোজাই চহৰত প্ৰৱেশ কৰে। যোৰাপুখুৰীৰ শ শ মহিলাই নিজৰ মৰমৰ নেতাক উৰুলিৰে আদৰণি জনায় পুষ্পবৃষ্টি কৰে। ৰাজপথত কেৱল বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক আদৰণি জনোৱা তোৰণবোৰহে দেখা যায়। কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই আজি আনুষ্ঠানিকভাৱে নিৰ্বাচনী ঘণ্টা বজাই কংগ্ৰেছ দল বা বিৰোধী মিত্ৰজোঁট ‘ভাৰত’ক ৰাজনৈতিক যুদ্ধত কমেও এশ বছৰ দূৰলৈ দলিয়াই দিয়ে। হোজাইত উপস্থিত হৈ কামাখ্যা প্ৰসাদ তাছাই নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাইজৰ এই স্বতঃস্ফূৰ্ত আদৰণিয়ে দলৰ নেতা নৰেন্দ্ৰ দামোদৰ দাস মোদীক দিল্লীৰ মচনদত হিচাপে পুনৰ প্ৰধান মন্ত্ৰী পদত অধিষ্ঠিত হোৱাটো খাটাং। তেওঁ লগতে কয় যে কলিয়াবৰ এতিয়া কাজিৰঙা লোকসভা সমষ্টিত পৰিণত হৈছে বহুদিন কংগ্ৰেছ দলৰ দখলত আছিল যদিও উন্নয়ন নহ’ল, আমি ৰাইজৰ লগত আছো আৰু মোডী জীৰ উন্নয়নৰ বাবে ‘গাৰাণ্টী’ লৈ নিৰ্বাচনী পথাৰলৈ আহিলোঁ। বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা কোনো বিৰোধী প্ৰাৰ্থী নাই আৰু তেওঁৰ জয়ৰ ঘোঁৰাকো কোনেও ৰখাব নোৱাৰে বুলি মন্তব্য কৰে। এ আই ইউ ডি এফ দলে এজন প্ৰাৰ্থী দিলেও বিজেপি প্ৰাৰ্থীগৰাকীয়ে কয় যে প্ৰাৰ্থীজনৰ কোনো কাম নাই। ‘ভাৰত’ৰ মিত্ৰতা ভংগ হোৱা বুলিও মন্তব্য কৰি বিজেপি প্ৰাৰ্থীগৰাকীয়ে কয় যে কাজিৰঙা লোকসভা সমষ্টিৰ এজন বিধায়কৰ বাহিৰে বাকী সকলোৰে বিজেপিৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আছে। কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা বৰ্তমান ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে সেয়ে তেওঁ বৃহৎ সংখ্যক ভোটেৰে জয়ী হোৱাটো খাটাং। পিছত কামাখ্যা প্ৰসাদ তাছাই কেদিয়া ভৱনত দলীয় সভাত অংশগ্ৰহণ কৰে।
প্ৰেৰক কিশলয় দেৱগোস্বামী