তিনিচুকীয়াত বিজেপিৰ প্ৰাৰ্থী পুলক গোহাঁইৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
তিনিচুকীয়া জিলাৰ ৮৬ নং তিনিচুকীয়া বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী পুলক গোঁহাইয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। আজি প্ৰাৰ্থী গৰাকীয়ে তিনিচুকীয়াৰ বৰডুবি গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ বৰডুবি বজাৰত প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা সভাত প্ৰাৰ্থী গৰাকীৰ সৈতে বিজেপি তিনিচুকীয়া জিলাৰ সভাপতি কুশকান্ত বড়া, ইটাখুলি মণ্ডলৰ সভাপতি তৰুণ কুৰ্মী, বৰডুবি পঞ্চায়তৰ সভানেত্ৰী শীমা গোৱালা, অসম চৰকাৰৰ অধীনস্থ অসম শক্তি বিতৰণ কোম্পানীৰ স্বতন্ত্ৰ সঞ্চালক ভবেন শৰ্মা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, জিলাৰ সাধাৰণ সম্পাদক দিগন্ত পাদুন, জিলাৰ উপসভাপতি ধৰ্মেন্দ্ৰ বৰুৱা, সংগীত শিল্পী তথা পদ্মশ্ৰী দুলাল মানকীৰ লগতে জেষ্ঠ্য কাৰ্যকৰ্তা তপন বৰুৱা, ৰাজ্যিক সদস্য নিতু বৰুৱা আৰু অন্যান্য সকল উপস্থিত থাকে ৷
প্ৰাৰ্থী গৰাকীয়ে এন ডি এ চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ বিষয়ে ৰাইজক অৱগত কৰি অনাগত দিনত ইয়াক অধিক তৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনহাতে তিনিচুকীয়া সমষ্টিৰ উন্নয়নৰ প্ৰতিশ্ৰুতি আৰু পৰিকল্পনা লৈ তেওঁ আগুৱাই যোৱাৰ লগতে চহৰখনক সু পৰিকল্পিত ভাৱে সজাই জনসাধাৰণৰ নূন্যতম সা সুবিধা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি প্ৰকাশ কৰে।
তিনিচুকীয়াত সকলোৰে সামাজিক ন্যায়, সন্মান আৰু সুৰক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিব বুলিও প্ৰাৰ্থীগৰাকীয়ে সভাসমূহত মন্তব্য কৰে। আজি প্ৰাৰ্থী গৰাকীয়ে লাইপুলি গাওঁ পঞ্চায়ত, ইটাখুলি গাওঁ পঞ্চায়ত, তিনিচুকীয়া পৌৰসভাৰ ১ নং ৱাৰ্ড আৰু ১৪ নং ৱাৰ্ডত প্ৰচাৰ চলায়।
বিশেষ বাৰ্তা, তিনিচুকীয়া, ২৭ মাৰ্চ