চিচিবৰগাঁও বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ ভিৰ
সমাগত বিধানসভা নির্বাচনক লৈ প্রার্থিত্ব প্রত্যাশীসকলৰ মাজত খদমদম লাগিছে চিচিবৰগাঁও সমষ্টিত। নতুনকৈ সমষ্টি নিধাৰণ কৰা সমষ্টিটোত এইবাৰ বিজেপিৰ প্ৰাৰ্থী দিব বুলি স্বয়ং মুখ্যমন্ত্রীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পিছৰে পৰা বিজেপিৰ প্ৰাৰ্থিত্ব প্রত্যাশীসকল অধিক উৎসাহিত হৈ যুদ্ধংদেহী মনোভাৱেৰে ৰাইজৰ মাজত সোমাই পৰিছে।
সকলোৰে আশা-ৰাইজৰ অধিক আস্থাভাজন হৈ শীর্ষ নেতৃত্বৰ সুদৃষ্টি লাভ কৰা। সমষ্টিটোত এইবাৰ বিজেপিৰ পৰা অৱসৰপ্ৰাপ্ত অভিযন্তা মনোজ কুমাৰ দাস, সমাজকৰ্মী হৰিপ্ৰসাদ দিহিঙীয়া, জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত কোচ, যুৱনেতা প্ৰণৱজিৎ গগৈ, জ্যেষ্ঠ বিজেপিৰ নেতা গীতাৰ্থ দেৱ গোস্বামী, বাবুল বুঢ়াগোহাঁই, অৰুনিমা বৰুৱা, প্ৰাঞ্জল বৰা, বিপ্লৱ কোঁৱৰ, মনোজ গগৈকে ধৰি প্ৰায় দহজন দাবীদাৰে দিনে-নিশাই সমষ্টিটোৰ চুকে-কোণে সোমাই ৰাইজৰ আস্থা লাভৰ অঘোষিত প্রতিযোগিতাত নামি পৰিছে।
ইপিনে মিত্ৰজোটত থকা অগপ দলেও বিজেপিক সমষ্টিটো এৰি দিব বিচৰা নাই। অগপৰ শক্তিশালী দাবীদাৰ হিচাপে চর্চাত আছে অগপৰ ৰাজ্যিক সম্পাদক ক্রমে তুলাৰাম গগৈ, তোলন কোঁৱৰ, অগপৰ ৰাজ্যিক মুখপত্ৰ কস্তুৰী চোতিয়া।
ইপিনে নতুন বিজেপি, পুৰণা বিজেপিৰ প্ৰসংগয়ো আছে বিজেপি শিবিৰত। এটা সূত্ৰৰ পৰা পোৱা খবৰ মতে প্রার্থিত্বক লৈ চলা টনা-আঁজোৰা আঁতৰাবৰ বাবে শেহান্তৰত নেতৃত্বই সমষ্টিটোত মহিলাক অগ্রাধিকাৰ দিব পাৰে। সেয়ে হলে অৰুনিমা বৰুৱাৰ কপাল ফুলিব পাৰে। বিষয়টোৱে চর্চা লাভ কৰিছে সৰ্বসাধাৰণ ৰাইজৰ মাজতো।
উল্লেখযোগ্য যে অৰুনিমা বৰুৱা হ’ল লক্ষীমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাৰ সহধৰ্মিণী হোৱাৰ সুবাদত বিজেপিৰ কেইবাজনো শীৰ্ষ নেতাৰ গুড বুকত নাম আছে অৰুনিমা বৰুৱা। অৱশ্যে, শেহান্তৰত মিত্ৰজোঁট দুই দলৰ আলোচনাত কি সিদ্ধান্ত হয় তাৰ ওপৰতেই নিৰ্ভৰ কৰিব চিচিবৰগাঁও প্ৰাৰ্থিত্ব।
ইপিনে, কংগ্ৰেছ দলৰ পৰা সমষ্টিটোত ধেমাজি জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভাস্কৰ দুৱৰা, ৰাজ্যিক সম্পাদক দেৱ চেতিয়া, জিলা কংগ্ৰেছৰ সভাপতি তিলক ফুকন, কংগ্ৰেছ নেতা বিপুল গগৈ আদিয়ে প্রার্থিত্ব দাবী কৰি কুচকাৱাজ অব্যাহত ৰখা লগতে ৰাইজৰ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী দুলাল চন্দ্ৰ বৰুৱাই সমষ্টিটো চুকে কোনে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ পৰিলক্ষিত হৈছে।
নিয়মীয়া বাৰ্তা, মাছখোৱা, ৪ মাৰ্চ