নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ মাৰ্চত ছবিগৃহলৈ ভিলেজ ৰকষ্টাৰ্ছ-২

ছবিগৃহলৈ আহি আছে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ বহু সমাদৃত ছবি ভিলেজ ৰকষ্টাৰ্ছ ২। ৰং আৰু আনন্দৰ উৎসৱ হোলীৰ দিনা ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ ২ৰ থিম ছং মুকলি কৰা হয়৷

কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰি দেশবাসীলৈ সুনাম কঢ়িয়াই অনা ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ ২ৰ ৰীমা দাসৰ ওপজা গাঁও ছয়গাঁৱত স্থানীয় ৰাইজ আৰু শিল্পী কলা কুশলীৰ উপস্থিতিত থিম ছং মুকলি কৰা হয় ৷

ছবিখনত দুটা গীত আছে। জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মা আৰু বিশ্ৰুত শইকীয়াই দুয়োটা গীতত কণ্ঠদান কৰিছে।

উল্লেখযোগ্য যে অহা ৬ মাৰ্চত ছয়গাঁৱৰ লগতে অসমৰ প্ৰায় ২০টা চিনেমা হলত চিনেমাখন মুক্তি পাব ৷ আনহাতে উক্ত চিনেমাখনৰ লগতে ইতিমধ্যে নিৰ্মাণ কৰা চিনেমা কেইখন ছয়গাঁৱৰ লগতে বিভিন্ন স্থানত পৰ্দাত দেখুওৱাৰ পৰিকল্পনা কৰাৰ কথা ৰীমা দাসে সদৰী কৰে৷

সম্পূৰ্ণ ছয়গাঁৱৰ গাঁৱলীয়া পটভূমিত প্ৰস্তুত কৰা ছবি ভিলেজ ৰকষ্টাৰ্ছ ২ক লৈ খুউব আশাবাদী ৰীমা দাসৰ লগতে শিল্পী তথা কলা-কুশলীসকল ৷

নিয়মীয়া বাৰ্তা, ছয়গাঁও, ৪ মাৰ্চ

You might also like