নিয়মীয়া বাৰ্তা, ২৫জুনঃ ১৯৭৫ চনৰ ২৫ জুন তাৰিখে ভাৰতবর্ষৰ তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশজুৰি বলবৎ কৰা স্বেচ্ছাচাৰী জৰুৰীকালীন অৱস্হাৰ প্ৰতিবাদত প্ৰতি বছৰৰ দৰে এইবাৰো “ক’লা দিৱস“ ৰূপে পালন কৰে ৷ সংবিধানৰ ৩৫২ ধাৰাৰ অধীনত সমগ্ৰ দেশত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ প্ৰতিবাদ জনাই ঢকুৱাখনা জিলা বিজেপিৰ উদ্যোগতো দেওবাৰে এই ক’লা দিৱস পালন কৰা হয়।ভাৰতীয় জনতা পাৰ্টীৰ ঢকুৱাখনা জিলাৰ কাৰ্যালয়ত জিলা সভাপতি প্রদীপ চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত কৰে এখন প্ৰতিবাদী সভা।জিলা বিজেপিৰ ছ’চিয়েল মিডিয়াৰ আহ্বায়ক জ্যোতি ৰঞ্জন মিলিয়ে আঁত ধৰা সভাত জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱাই ‘ক’লা দিৱস’ৰ তাৎপৰ্য বিশদভাৱে উল্লেখ কৰে। উল্লেখ্য যে ১৯৭৫ চনৰ ২৫ জুনৰ দিনা তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে সংবিধানৰ ৩৫২ ধাৰাৰ অধীনত সমগ্ৰ দেশত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল। জৰুৰীকালীন অৱস্থাত নাগৰিকৰ সকলো অধিকাৰ চৰকাৰীভাৱে হনন কৰা হৈছিল। সংবাদ মাধ্যমৰ বাতৰি পৰিৱেশনৰ স্বাধীনতা ৰদ কৰাৰ লগতে ৰাজনৈতিক দলৰ কাম-কাজতো বাধা আৰোপ কৰা হৈছিল জৰুৰীকালীন অৱস্থাত। নিশাৰ ভিতৰতে দেশৰ সকলো বিৰোধী দলৰ নেতাক গ্ৰেপ্তাৰ কৰি গোপন স্থানত আবদ্ধ কৰি ৰখা হয়। কিন্তু দেশজুৰি ইন্দিৰা গান্ধী জৰুৰীকালীন ব্যৱস্থাৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ় লৈ উঠে। মাত্ৰ দুটা বছৰৰ ভিতৰতে অৰ্থাৎ ১৯৭৭ চনত ইন্দিৰা গান্ধীয়ে গণ আন্দোলনৰ ওচৰত নতি স্বীকাৰ কৰিবলৈ বাধ্য হয়। কলা দিৱসৰ প্ৰতিবাদী সভাত জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ ডাঃ ভূপেন কামান, ঢকুৱাখনা জিলা বিজেপিৰ উপ-সভাপতি প্ৰণৱজ্যোতি দাস, উপ-সভানেত্ৰী ৰুমী গগৈ, মণ্ডল সম্পাদক বনশ্যাম গগৈ, বিষ্ণু দত্ত, যুৱ মৰ্চাৰ জিলা সভাপতি বৃকোদৰ দাস উপস্থিত থাকে।
প্ৰেৰক পুলকজ্যোতি বৰা