নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যাপ্ৰসাদ তাছাৰ মনোনয়ন দাখিল

🎯’কংগ্ৰেছ এটা পাম নোহোৱা ফুটবল’ : ড০ হিমন্ত বিশ্ব শৰ্মা 
বিশেষ বাৰ্তা, ২৭ মাৰ্চঃ আগন্তুক লোকসভা নিৰ্বাচনৰ কাজিৰঙা সমষ্টিৰ এন ডি এ মিত্ৰজোঁটৰ তথা বিজেপিৰ প্ৰাৰ্থী কামাখ্যাপ্ৰসাদ তাছাৰ মনোনয়ন দাখিলৰ সময়ত আজি গোলাঘাটত এক অভূতপূৰ্ব পৰিবেশ দেখিবলৈ পোৱা গ’ল। পুৱা ৯ বজাৰে পৰা গোলাঘাট, নগাঁও আৰু হোজাই জিলাৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰায় ২০ সহস্ৰাধিক ৰাইজ, দলীয় কৰ্মী আৰু শুভাকাংশীয়ে গোলাঘাট চহৰৰ সমবেত হৈ ঢোলে ডগৰে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে। এই সকলৰ আগমনত চহৰখনৰ ৰাজপথসমূহত বিৰ দি বাট নোপোৱাৰ অৱস্থাৰ সৃষ্টি হয়। তেওঁলোকে ‘বিজেপি জিন্দাবাদ’, ‘নৰেন্দ্ৰ মোদী জিন্দাবাদ’, ‘ডঃ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ’, ‘কামাখ্যা প্ৰসাদ তাছা জিন্দাবাদ’ ‘অজন্তা নেওগ জিন্দা ধ্বনিৰে সমদল কৰি গোলাঘাট চহৰৰ মাজমজিয়াৰ সমন্বয় ক্ষেত্ৰত সমবেত হয়হি। ইয়াতেই এক জনসভাত অনুষ্ঠিত হয়। এই জনসভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনতাক সম্বোধন কৰি কয় ‘কংগ্ৰেছৰ ফুটবলত পাম নাই, তেওঁলোকে ক’ৰ পৰা ফুটবল খেলিব। এতিয়া কংগ্ৰেছৰ কথা আলোচনা কৰি লাভ নাই। যদি কোনোবাই কংগ্ৰেছক ভোট দিম বুলিও ভাবি আছে, আপোনালোকে কংগ্ৰেছক ভোট নিদিব। যাকে ভোট দিব দুদিনৰ পিছত আহি বিজেপিত যোগদান কৰি দিব।’ মুখ্যমন্ত্ৰীয়ে লগতে কয় ‘কামাখ্যা প্ৰসাদ তাছা অসমীয়া জাতিসত্বাৰ বলিষ্ঠ নেতা। তেওঁ কাজিৰঙা সমষ্টিৰ বাবে কাম কৰিব, গোলাঘাট জিলাৰ বাবে কাম কৰিব, নগাঁও জিলাৰ বাবে কাম কৰিব। তাছাই নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমখনক আগবঢ়াই লৈ যাব। তেওঁ লগতে কয় আমি সকলোৱে লগ হৈ ঘৰে ঘৰে যাম। কামাখ্যা প্ৰসাদ তাছা সকলোতে যাব নোৱাৰে। কাজিৰঙা বহু ডাঙৰ সমষ্টি। আজিৰ পৰা সকলো কামাখ্যা প্ৰসাদ তাছা হ’ব লাগিব। তেখেত য’ত যাব নোৱাৰিব তাতে আপোনালোক গৈ ক’ব মইয়েই কামাখ্যা প্ৰসাদ তাছা, মইয়েই অজন্তা নেওগ, অতুল বৰা, মৃণাল শইকীয়া, বিশ্বজিত ফুকন।আপোনালোকে আমাক ভোট দিয়ক। আমি সকলো একত্ৰিত হৈ ধুনীয়াকৈ কাম কৰিম। মুখ্যমন্ত্ৰীয়ে আৰু কয় ‘কামাখ্যা প্ৰসাদ তাছা আমাৰ দলৰ প্ৰাৰ্থী আৰু মোৰ একেবাৰে সৰু ভাই। কামাখ্যা তাছাক ভোট দিলে নৰেন্দ্ৰ মোদীক ভোট দিয়া হ’ব। মোকো আৰ্শীবাদ দিয়া হ’ব। মুখ্যমন্ত্ৰীয়ে হাস্য ৰসৰ সৃষ্টি কৰি কয় মোৰ ভোকটো অলপ বেছি কামাখ্যা তাছাৰ জয়ৰ ব্যৱধান তিনিলাখতকৈ কম হ’লে মোৰ ভোক নুগুচিব। গতিকে আমি কামাখ্যাক তিনি লাখতকৈ অধিক ভোটত জয়ী কৰাব লাগিব। তেওঁ আৰু কয় আজি সমন্বয় ক্ষেত্ৰত ৰাইজৰ সমাগম দেখি ক’ব পাৰো ই কেৱল কাজিৰঙাতেই বাৰ্তা গোটেই অসমতে বাৰ্তা পঠাইছে এই গোলাঘাটৰ পবিত্ৰ ভূমিৰ পৰা। বিজেপি জিকিবই, নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বই । আমাৰ ভাৰত বিশ্বগুৰু হ’বই। অসম ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হ’বই,সেই বাৰ্তা আমি পঠাইছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় আমি নিৰ্বাচনৰ সময়ত ৰাইজৰ মাজলৈ যাম। কেইবাটাও জৰীপ কৰিম কিমান মানুহে অৰুণোদয় পাবলৈ বাকী আছে,কাৰ কাৰ পৰিয়ালত জীৱন বীমাৰ প্ৰয়োজন আছে,কাৰ কাৰ ছোৱালীক পঢ়াব লাগে। তদুপৰি গাঁৱৰ কোনটো ৰাষ্টা বনাব লাগে,কোন কোন নামঘৰ, মন্দিৰ, মছজিদৰ কাম কৰিব লাগে, গোটেইবিলাক কথা আপোনালোকৰ ওচৰলৈ গৈ সুধিম। তাতে ২৪ পৰা ২৬ চনৰ ভিতৰত বিধানসভা নিৰ্বাচন হোৱাৰ পূৰ্বে বহু কাম কৰি শেষ কৰিব পাৰো।  যেতিয়া দিল্লীত, আমাৰ অসমত বিজেপিৰ ডাবোল ইঞ্জিন চৰকাৰ হ’ব তেতিয়া কামৰ কোনো অভাৱ নহ’ব। আপোনালোকক আগুৱাই লৈ যাব পাৰিম। নিৰ্বাচনৰ সময়ত গোলাঘাট জিলালৈ আহি যিমান কেইখন সম্ভৱ হয় মিটিং কৰিম। তাতে কি ধৰণে অনাগত দিনকেইটাত সেৱা কৰিব খুজিছোঁ সেই সৰ্ম্পকে বুজাই দিম আৰু আমাৰ বিশ্বাস বিগত তিনি বছৰত আমি যিমানখিনি কৰিলোঁ, মোদীজীয়ে ২০১৪ চনৰ পৰা যিখিনি কৰিলে আৰু আপোনালোকৰ আৰ্শীবাদত ২০২৬লৈকে আৰু বেছি কাম কৰিম।সভাৰ আৰম্ভণিতে অসম চৰকাৰৰ বিত্ত আৰু মহিলা শিশু কল্যাণ মন্ত্ৰী তথা গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে ভাষন প্ৰদান কৰি কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক তৃতীয় বাবৰ বাবে প্ৰধান মন্ত্ৰী আসনত বহুৱাবলৈ ইতিমধ্যে বিজেপি মিত্ৰ দলে সংকল্প গ্ৰহন কৰিছে। ইতিমধ্যে ইয়াৰ বাবে সমগ্ৰ অসমত বিজেপি কাৰ্যকৰ্তা সকলে দিনে নিশাই কাম কৰি ৰাইজৰ সঁহাৰি লাভ কৰিছে। কাজিৰঙা লোক সভা সমষ্টিটোও কামাখ্যা প্ৰসাদ তাছাক বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ মিত্ৰ দলৰ কাৰ্যকৰ্তা সকলে প্ৰচেষ্টা অব্যাহত ৰাখিছে। মন্ত্ৰীগৰাকীয়ে লগতে আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত ৰাইজৰ বিপুল সহাৰিয়ে দলটোক যথেষ্ট উৎসাহিত কৰা বুলি মন্তব্য কৰে।গোলাঘাট জিলা বিজেপিৰ সাধাৰণ সম্পাদক সঞ্জীৱ কুমাৰ দাসে আঁত ধৰা সভাত অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, কৃষিমন্ত্ৰী অতুল বৰা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ভাষণ প্ৰদান কৰি কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক বিপুল ভোটত জয়ী কৰাই নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায়। সভাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,মন্ত্ৰী কেশৱ মহন্ত, বিমল বৰা,বিধায়ক মৃণাল শইকীয়া, বিশ্বজিৎ ফুকন, ভৱেন ভৰালী, দীপু গোস্বামী, ৰামকৃষ্ণ ঘোষ, শিবু মিশ্ৰ আদি উপস্থিত থাকে। ইয়াৰে পাছতে গায়ন বায়ন, বিহু, ঝুমুৰ নৃত্যৰে তালে তালে সমৰ্থকৰ ব্যাপক হৰ্ষোল্লাসৰ মাজেৰে  কামাখ্যা প্ৰসাদ তাছাই গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ পৰা গোলাঘাটৰ ৰিৰ্টানিং বিষয়াৰ ওচৰত মনোনয়ন দাখিলৰ  বাবে সমদল কৰি আগবাঢ়ি আহে আৰু  জিলা ৰিৰ্টানিং বিষয়া ডঃ পি উদয় প্ৰবীণৰ মনোনয়ন পত্ৰ দাখিল কৰে। তাছাক মনোনয়ন দাখিলৰ সময়ত  প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা,মন্ত্ৰী অতুল বৰা ,জয়ন্তমল্ল বৰুৱা, বিধায়ক বিশ্বজিৎ ফুকন আদিয়ে সংগ দিয়ে।আজি মনোনয়ন পত্ৰ দাখিলৰ প্ৰাক মূহুৰ্তত কামাখ্যা প্ৰসাদ তাছাই মন্ত্ৰী অজন্তা নেওগৰ সৈতে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত বন্তি জ্বলাই ভগৱান আশীষ কামনা কৰে । মনোনয়ন পত্ৰ দাখিল কৰি কামাখ্যা প্ৰসাদ তাছাই কয় তেওঁৰ সপক্ষে সমষ্টিটোৰ ৰাইজ পাৰভাঙি ওলাই আহিছে। বিপুল সংখ্যক ভোটত তেওঁৰ জয় নিশ্চিত। বিজেপিক কোনেও ৰুধিব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সুশাসনত ভাৰতৰ লগতে অসমৰ সৰ্বদিশতে উন্নয়নৰ জোঁৱাৰ উঠিছে। এই উন্নয়নৰ সপক্ষেই ৰাইজে ভোটদান কৰি বিজেপিৰ হাত শক্তিশালী কৰিব বুলি তাছাই মত ব্যক্ত কৰে। উল্লেখ্য যে আজি গোলাঘাট জিলাৰ জিলা নিৰ্বাচন বিষয়াৰ কাৰ্য্যালয়ত ১০নং কাজিৰঙা সংসদীয় সমষ্টিৰ বাবে বিজেপিৰ কামাখ্যা প্ৰসাদ তাছাৰ উপৰিও আঠজনকৈ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । অসম জন মৰ্চাৰ চেলিম আহমেদ, নিৰ্দলীয় প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধুৰী, আব্দুল হক, ত্ৰিদিব জ্যোতি ভূঞা, জ্যোতিষ্ক ৰঞ্জন গোস্বামী, ভোটাৰচ পাৰ্টী ইন্টাৰনেচনেলৰ অনিমা ডেকা গুপ্তা, ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া (আঠাৱালে)ৰ ফজাইল আহমেদ মজুমদাৰ আৰু ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়াৰ ছালেহ আহমেদ মজুমদাৰে কাজিৰঙা সংসদীয় সমষ্টিৰ ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দখিল কৰে। অন্তিম দিনৰ অন্তত ১০নং কাজিৰঙা সংসদীয় সমষ্টিৰ বাবে সৰ্বমুঠ ১২ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।
প্ৰেৰৰক দিগন্ত কুমাৰ বৰা
You might also like