নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ গেৰুৱা কৰি ৰঞ্জিত দত্তৰ মনোনয়ন পত্ৰ দাখিল

শোণিতপুৰ লোকসভা সমষ্টিত মোৰ কোনো প্ৰতিদ্বন্দ্বী নাইঃ ৰঞ্জিত দত্ত
বাৰ্তা ব্যুৰ’, তেজপুৰ, ২৭ মাৰ্চ : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনটোত সমগ্ৰ তেজপুৰ চহৰ গেৰুৱা কৰি প্ৰায় ২০ সহস্ৰাধিক দলীয় সমৰ্থকৰ তিনি কিলোমিটাৰ জোৰা বিশাল ৰেলীৰে ১১নং শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে মিত্ৰজোটৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই। প্ৰত্যাশিতভাৱেই সমষ্টিটোৰ অন্তৰ্গত ৯ টাকৈ বিধানসভা সমষ্টিয়েই বিজেপি আৰু মিত্ৰজোটৰ দখলত থকাৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ দিনটোতে একপ্ৰকাৰ অপ্ৰতিৰোধ্য হৈ পৰে প্ৰাৰ্থী ৰঞ্জিত দত্ত। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে তেজপুৰৰ জয়মতী পথাৰত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মিত্ৰ দল অগপৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ইউ পি পি এলৰ নেতা ৰণগৌড়া নাৰ্জাৰীৰ লগতে মন্ত্ৰী অশোক সিংহল, ৰঞ্জিত কুমাৰ দাস, জয়ন্তমল্ল বৰুৱাৰ উপৰি আটাইকেইটা বিধানসভা সমষ্টিৰ বিধায়কসকলৰ উপস্থিতিত আয়োজিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজক বিজেপি দলক অভিলেখসংখ্যক ভোটৰ ব্যৱধান  বিজয়ী কৰাৰ বাবে আহ্বান জনাই প্ৰাৰ্থী ৰঞ্জিত দত্তই ৷ ইয়াৰ পিছতেই প্ৰায় বিশ হাজাৰ দলীয় সমৰ্থক; বিধানসভা সমিতি আৰু শোনিতপুৰ তথা বিশ্বনাথ জিলাৰ বিষয়ববীয়া আৰু দলীয় নেতা কৰ্মীক লৈ শোনিতপুৰ জিলাৰ আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দেৱ কুমাৰ মিশ্ৰৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে ৰঞ্জিত দত্তই ৷ আনহাতে জয়মতী পথাৰৰ নিৰ্বাচনী সভাত  মন্ত্ৰী অশোক সিংহল, জয়ন্ত মল্ল বৰুৱা; ৰঞ্জিত দাস, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ইউ পি পি এলৰ নেতা ৰণগৌৰা নাৰ্জাৰী, শোনিতপুৰ আৰু বিশ্ব নাথ জিলাৰ বিধায়ক ক্ৰমে পৃথ্বিৰাজ ৰাভা, গণেশ কুমাৰ লিম্বু, কৃষ্ণ কমল তাঁতী, পদ্ম হাজৰিকা, প্ৰমোদ বৰঠাকুৰ আৰু ড° অমিয় কুমাৰ ভূঞাও উপস্থিত থাকি শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তক পূৰ্ণ সমৰ্থন জনাবলৈ সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনায়৷ আজিৰ মনোনয়ন পত্ৰ প্ৰদানৰ কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাও উপস্থিত থাকি দত্তক অভিনন্দন জনায় ৷ ৰাইজৰ বিপুল সমৰ্থন দেখি অগপৰ জ্যেষ্ঠ নেতা তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৰঞ্জিত দত্ত অভিলেখসংখ্যক ভোটৰ ব্যৱধানত বিজযী হৱ বুলি মত প্ৰকাশ কৰে৷ আজি ১১নং শোনিতপুৰ সমষ্টিৰ এই মনোনয়ন পত্ৰ প্ৰদান কাৰ্যসূচীত অংশ লোৱা অসম চৰকাৰৰ মন্ত্ৰী  জয়ন্ত মল্ল বৰুৱা আৰু অশোক সিংঘালেও ৰাইজৰ অভূতপূৰ্ব সঁহাৰিৰ বাবে সকলোকে অভিনন্দন জ্ঞাপন  কৰে আৰু  দলীয় প্ৰাৰ্থী গৰাকী প্ৰায় দুই লাখৰো অধিক ভোটত বিজয়ী হৱ বুলি দৃঢ়তাৰে সাংবাদিকক জনোৱাৰ লগতে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সাংবাদিক কয়- এইবাৰ দেশজুৰি ভোটাৰ ৰাইজে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’বলৈ আশীৰ্বাদ কৰিছে। ইয়াৰ ব্যতিক্ৰম অসমো যে নহয় তাৰ প্ৰমাণ ইতিমধ্যে ভোটাৰ ৰাইজে দিছে আৰু সেইকথা সকলো প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হোৱাৰ দিনটোত প্ৰতিপন্ন হোৱাৰ পূৰ্বেই বিজেপি দলৰ প্ৰতি প্ৰতিটো দিনৰ ৰাইজৰ উৎসাহে প্ৰমাণ কৰিছে বুলি কয়। আনহাতে প্ৰাৰ্থী ৰঞ্জিত দত্তই সাংবাদিকৰ আগত কয়- ভোটাৰ ৰাইজে মোৰ মুখ চাই ভোট দিব নেলাগে। নৰেন্দ্ৰ মোদীৰ বিকাশ আৰু উন্নয়নৰ ৰাজনীতি আৰু অসমত ড০ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ বাবে অনা জোৱাৰৰ বাবে সকলোৱে বিজেপিক ভোটদান কৰিব লাগে। শোণিতপুৰ লোকসভা সমষ্টিত এইবাৰ মোৰ কোনো প্ৰতিদ্বন্দ্বী নাই। সমষ্টিটোৰ ৯টা বিধানসভা সমষ্টি, জিলা সমিতি, বুথ সমিতি আদিৰ মাজতহে এইবাৰ কোনে কিমান ভোট দিব পাৰে তাৰ প্ৰতিদ্বন্দিতা হ’ব। আনহাতে নিজ দলৰ সমৰ্থকৰ আনন্দ-উল্লাসৰ মাজতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সাংবাদিকৰ আগত কয়- শোণিতপুৰ বা আন সমষ্টিৰ কথা বাদেই আজি যোৰহাটৰ প্ৰাৰ্থী তপন গগৈৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত ৫০ হাজাৰ জনতাৰ অভিলেখ সংখ্যক অংশগ্ৰহণৰ পিছত কংগ্ৰেছৰ বহু চৰ্চিত প্ৰাৰ্থী গৌৰৱ গগৈ ঘৰত শুই থকাৰ বাহিৰে আৰু গত্যন্তৰ নাই।
প্ৰেৰক পুলক কুমাৰ ডেকা
You might also like