নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফকিৰাগ্ৰামত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি হৈছে । আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনৰ নতুনকৈ গঠন হোৱা বাওখুংগ্ৰী বিধানসভা সমষ্টি পৰ্য্যায়ৰ এনডিএ তথা ইউপিপিএল দলৰ নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰে ফকিৰাগ্ৰামত । আজি ফকিৰাগ্ৰামত নিৰ্বাচনী কাৰ্য্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন বিধায়ক তথা কোকৰাঝাৰ লোকসভা সমষ্টি পৰ্য্যায়ৰ নিৰ্বাচন পৰিচালনা সমিতিৰ চেয়াৰমেন হেমেন্দ্ৰ নাথ ব্ৰহ্মই ৰঙা ফিতা কাটি শুভ উদ্বোধন কৰাৰ অন্তত এখন সভাও অনুষ্ঠিত কৰে । উক্ত সভাত উপস্থিত থাকি ইএম অৰূপ কুমাৰ দে’ই ভাষণ প্ৰসংগত কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ হোৱা সাংসদ নৱ কুমাৰ শৰণীয়াক সমষ্টিৰ ভোটাৰ ৰাইজে চিনিয়ে নাপায় । ফটো দেখিলেও চিনিব নোৱাৰিব বুলি কোৱাৰ লগতে আৰু কয়- লোকসভা নিৰ্বাচনৰ পিছত বিপিএফ দল নোহোৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে । গতিকে জয়ন্ত বসুমতাৰীৰ বাহিৰে কাকো ভোট দি লাভ নাই বুলি কোৱাৰ লগতে বৰ্তমান মোদীৰ বতাহ বলিছে বুলিও কয় ইএমজনে । আজিৰ সভাখন পৰিচালনা কৰে বিজেপিৰ কোকৰাঝাৰ জিলাৰ সাধাৰণ সম্পাদক অনিৰ্বাণ দাসে । সভাখনত উপস্থিত থাকে কোকৰাঝাৰ পৌৰসভাৰ পৌৰপতি প্ৰতিভা ব্ৰহ্ম আদিৰ লগতে ইউপিপিএল-বিজেপিৰ কৰ্মকৰ্তাসকলে । ইপিনে, নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি হেমেন্দ্ৰ নাথ ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ন্ত বসুমতাৰী জয়ী হৈছে, কিন্তু অধিক ভোটত জয়যুক্ত কৰিবলৈহে কাম কৰি থকা হৈছে ।যিহেতু কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভোট তৃতীয় পৰ্য্যায়ত অনুষ্ঠিত হ’ব, সেইবাবে লাহে লাহে প্ৰচাৰ কাৰ্য চলাই থকা হৈছে বুলি কয় ব্ৰহ্মই ।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like