নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখত অনশন ভংগ কৰিলেও সংগ্রাম জাৰি ৰাখিব ৱাংচুকে

🔹 বিজ্ঞানী ‘ৰেঞ্চো’ৰ দাবীৰ প্রতি একতা প্রদর্শন প্রকাশ ৰাজৰ

বিশেষ বাৰ্তা, ৩০ মার্চ : লাডাখক ৰক্ষাৰ সংকল্প লোৱা বিজ্ঞানী তথা পৰিৱেশ–মানৱ অধিকাৰ কর্মী ছোনম ৱাংছুকে যোৱা ২৬ মার্চত ২১ দিনীয়া অনশন ভংগ কৰে৷ ৬ মার্চৰ পৰা অনশনত বহিছিল ৱাংছুকে৷ ছ’চিয়েল মিডিয়াত ‘থ্রী ইডিয়টছ’ৰ ‘ৰেঞ্চো’–এ জনাইছে যে অনশনৰ অন্ত পৰিলেও সংগ্রাম জাৰি থাকিব৷ লাডাখক পূর্ণ ৰাজ্যৰ স্বীকৃতিসহ এলানি দাবীত অনশন কৰিছিল ছোনমে৷ কেৱল পানী আৰু লৱণ অবিহনে অন্য কোনো খাদ্য গ্রহণ কৰা নাছিল সেই ২১দিনীয়া অনশনত৷ লাডাখৰ সাংবিধানিক সুৰক্ষা আৰু অঞ্চলটোৰ মানুহৰ ৰাজনৈতিক অধিকাৰৰ বাবে সংগ্রাম অব্যাহত থাকিব বুলি ৱাংছুকে ঘোষণা কৰিছে৷ অনশনৰ অন্তিম দিনা ৭ সহস্রাধিক লোক উপস্থিত থাকে ৱাংছুকৰ ওচৰত৷ ইয়াৰ পাছতে এদল মহিলাই একেই দাবীত অনশন আৰম্ভ কৰিব বুলি ঘোষণা কৰে৷ লক্ষণীয়ভাৱে ৩ সপ্তাহ ধৰি অনশন কৰিলেও চৰকাৰে ৱাংছুকৰ সৈতে আলোচনাৰ কোনোধৰণৰ ইংগিত নিদিলে৷ লাডাখৰ প্রাকৃতিক সম্পদক ৰক্ষা কৰাৰ আশ্বাস দিও কেন্দ্রীয় চৰকাৰে লাডাখবাসীক প্রতাৰণা কৰা বুলি ঘোষণা কৰে ৱাংছুকে৷ ইফালে, অনশনৰ অন্তিম দিনা অভিনেতা প্রকাশ ৰাজে ৱাংছুকক লগ কৰি লাডাখবাসীৰ দাবীৰ প্রতি সমর্থন জনায়৷ নিজৰ জন্মদিনত লাডাখত উপস্থিত হোৱা প্রকাশ ৰাজে কয় যে চৰকাৰে যেতিয়া নিজৰ প্রতিশ্রুতি পালন নকৰে, তেতিয়া জনসাধাৰণে ঐক্যবদ্ধ হৈ আন্দোলন কৰাৰ বিকল্প পথ নাথাকে৷ ৱাংছুকৰ আন্দোলনৰ প্রতি একতা প্রদর্শন কৰে প্রকাশ ৰাজে৷ উল্লেখনীয় যে লাডাখক সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তর্ভুক্ত কৰি ইয়াৰ প্রকৃতি আৰু ভূমিত লাডাখবাসীৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবী তুলিছে ৱাংছুকে৷ শেহতীয়াকৈ ৱাংছুকৰ এই দাবীৰ প্রতি দেশজুৰি সমর্থন বৃদ্ধি পাইছে৷

You might also like