তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ লক্ষ্যৰে নির্বাচনী যুঁজত নামি পৰা বিজেপিৰ প্রচাৰক তুংগত তুলিবলৈ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ লগতে শাসকীয় দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা৷
উল্লেখ্য যে বিজেপিৰ নির্বাচনী প্রচাৰ আগুৱাই নিয়াৰ লক্ষ্যৰে আজি বাজপেয়ী ভৱনত অনুষ্ঠিত হ’ল এক গুৰুত্বপূর্ণ নির্বাচনী বৈঠক৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকতে নির্বাচনৰ প্রচাৰ অভিযান সন্দর্ভত বিস্তৃত আলোচনা কৰাৰ লগতে দলটোৰ ৰাষ্ট্রীয় নেতৃত্বই অনুমোদন জনোৱা ষ্টাৰ কেম্পেইনাৰৰ তালিকাক লৈয়ো পর্যালোচনা চলে৷
এই সন্দর্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্রকাশ কৰা অনুসৰি নির্বাচনৰ প্রচাৰ চলাবলৈ বিজেপিৰ ৪০জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্রস্তুত হৈছে৷ সেইমর্মে অসমত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৪–৫খন সভা অনুষ্ঠিত কৰাৰ বিপৰীতে কেন্দ্রীয় গৃহমন্ত্রীয়ে ৬–৮খন নির্বাচনী প্রচাৰ সভাত অংশ ল’ব৷
সমান্তৰালভাৱে ৰাষ্ট্রীয় সভাপতি নীতিন নবীনে ৬খনকৈ নির্বাচনী সভাত অংশ ল’ব৷ তদুপৰি কেন্দ্রীয়মন্ত্রী ৰাজনাথ সিং, নীতিন গাদকাৰী, জে পি নাড্ডা, শিৱৰাজ সিং চৌহানকে ধৰি কেইবাগৰাকীয়ে কেন্দ্রীয় মন্ত্রীৰ লগতে ৰাষ্ট্রীয় নেতাই ৰাজ্যৰ বিভিন্ন প্রান্তত নির্বাচনী প্রচাৰ চলাব৷ প্রতিগৰাকী নেতাৰ নির্বাচনী সভা তথা দিন দলে স্থিৰ কৰিছে যদিও সকলো দিশ চালিজাৰি চাই ইয়াৰ কিছু সালসলনিৰো সম্ভাৱনা আছে৷
আনহাতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিজেপি আৰু মিত্রদলৰ প্রতিটো সমষ্টিতে এখনলৈ নির্বাচনী সভাত অংশ ল’ব৷ তদুপৰি মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যৰ ১০টা স্থানত ৰোডশ্ব’ৱো কৰিব৷ উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রথম পর্যায়ত নির্বাচনী সভাৰ দিন ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে স্থিৰ কৰিছে৷
সেই অনুসৰি অহা ১ এপ্রিল, ৫ এপ্রিল আৰু ৬ এপ্রিলত প্রধানমন্ত্রীয়ে তিনিখনকৈ প্রচাৰ সভাত অংশ ল’ব৷ প্রধানমন্ত্রীৰ লগতে সমান্তৰালভাৱে ২৯ মার্চ, ২ এপ্রিল আৰু ৭ এপ্রিলত প্রচাৰ চলাব অমিত শ্বাহে৷ আনহাতে অহা ২৯ আৰু ৩০ মার্চত নির্বাচনী প্রচাৰ চলাবলৈ অসমলৈ আহিব ৰাষ্ট্রীয় সভপিত নীতিন নবীন৷ প্রধানমন্ত্রী, গৃহমন্ত্রী আৰু ৰাষ্ট্রীয় সভাপতিৰ নির্বাচনী প্রচাৰ সভা বৃদ্ধি হোৱাৰ সম্ভাৱনাক উল্লেখ কৰি আজি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্রকাশ কৰা মতে সময় আৰু স্থানৰ ওপৰত নির্ভৰ কৰি প্রধানমন্ত্রীৰ সভা ৫ খনলৈ আৰু গৃহমন্ত্রী অমিত শ্বাহৰ সভা ৮খনলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷
ৰাষ্ট্রীয় নেতৃত্বৰ লগতে নির্বাচনী প্রচাৰত অংশ ল’ব কেন্দ্রীয় মন্ত্রী তথা প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, কেন্দ্রীয় ৰাজ্যিকমন্ত্রী পৱিত্র মার্ঘেৰিটা, সাংসদ তথা ৰাষ্ট্রীয় সম্পাদক কামাখ্যা তাছা, সাংসদ পৰিমল শুক্লবৈদ্য, কনাড পুৰকায়স্থ, প্রদান বৰুৱাৰ লগতে মন্ত্রী পীয়ূষ হাজৰিকা, ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্ল বৰুৱা, ৰূপেশ গোৱালা, ডাঃ ৰণোজ পেগু, জ্যেষ্ঠ বিধায়ক সিদ্ধার্থ ভট্টাচার্য, ড০ তুলিৰাম ৰংহাঙৰ লগতে দলৰ জ্যেষ্ঠ নেত্রী ৰেখাৰাণী দাস বড়োৱে৷
ডিজিটেল ডেস্ক, ২৪ মার্চ