নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম–বংগ সীমান্তৰ জোৰাইত মাৰণাস্ত্ৰ জব্দ বংগ আৰক্ষীৰ

আজি পুৱতি নিশা ধুবুৰী জিলাৰ অসম–বংগ সীমান্তৰ ছাগলীয়াৰ পৰা পশ্চিমবংগলৈ খোজকাঢ়ি প্ৰৱেশ কৰাৰ সময়ত মাৰণাস্ত্ৰ সহ এজনক আটক কৰে বংগ আৰক্ষীয়ে।

জানিব পৰা মতে, পশ্চিমবংগ জোৰাই মো’ৰত বক্সিৰহাট আৰক্ষীয়ে চলোৱা নিয়মীয়া নাকা তালাচীত অসমৰ পৰা পশ্চিম বংগলৈ গৈ আছিল যুৱক জন।

আৰক্ষীৰ তালাচীত ৰিভলভাৰসহ ১ সজীৱ গুলী উদ্ধাৰ কৰে বংগ আৰক্ষীয়ে। যুৱক জন ধুবুৰী জিলাৰ আগমনী আৰক্ষী থানা এলেকাৰ ৰেজ্জাক আলীৰ পুত্ৰ মিনাজুল আলী (২৪) বুলি জানিবলৈ দিয়ে।বৰ্তমানে পশ্চিমবংগৰ বক্সিৰহাট আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক, ২৫ মাৰ্চ

You might also like