নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি ক্ষমতাত থকালৈকে বিদেশীয়ে প্রভুত্ব বিস্তাৰ কৰিব নোৱাৰে

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ অসম আৰক্ষীয়ে নির্ভীকতাৰে, সত্য আৰু নিষ্ঠাৰে ৰাইজৰ স্বার্থত কৰা বহু কামত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰাইজৰ বিপদকালত আৰক্ষীয়ে সকলো সময়তে সষ্টম হৈ থাকি সহায়–সহযোগ আগবঢ়াই আহিছে৷ ক’ৰোনাৰ সংক্রমণৰ সময়ত আৰক্ষীয়ে অধিক নিষ্ঠাৰে কাম কৰি ক’ভিড–১৯ যোদ্ধাৰ ভূমিকা পালন কৰিলে৷ সেই সময়ত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কর্তব্য কৰা কেইবাজনো আৰক্ষী ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল৷ সেইসকলক এই সুযোগতে শ্রদ্ধাঞ্জলি জনাইছোঁ৷ মৈত্রী আঁচনিৰ অধীনত নির্মিত টেঙাখাত থানাৰ নৱনির্মিত গৃহটো উদ্বোধন কৰি ভাষণত এইদৰে কয় অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ মুখ্যমন্ত্রীগৰাকীয়ে ভাষণ প্রসংগত ইয়াকো কয় যে অসমৰ মাটি অসমীয়াৰ হাতত সম্পূর্ণৰূপে সুৰক্ষিত৷ ভাৰতীয় জনতা পার্টীয়ে যেতিয়ালৈকে অসমৰ বুকুত চৰকাৰ চলাব, তেতিয়ালৈকে কোনো বিদেশীয়ে ইয়াত প্রভাৱ বিস্তাৰ কৰিব নোৱাৰে৷

টেঙাখাতৰ ৰাজহ চক্র বিষয়া প্রিয়ংকা গগৈয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত কেন্দ্রীয় খাদ্য সংসাধন উদ্যোগ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, অসম আৰক্ষীৰ উপ–সঞ্চালক জি পি সিং, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই বক্তব্য ৰাখে৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিব্রুগড জিলাৰ উপায়ুক্ত পল্লৱগোপাল ঝা, আৰক্ষী অধীক্ষক প্রদ্যুৎ বিজয় কুমাৰ থোলে, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যনির্বাহক দীপুৰঞ্জন মাক্রাৰী, অসম গেছ কোম্পানীৰ উপ–সঞ্চালক ইন্দ্র গগৈ, অসম আৰক্ষী উত্তৰ–পূব সংমণ্ডলৰ উপ–মহাপৰিদর্শক জীৱন দলে, গৃহ নির্মাণ বিভাগৰ অৰবিন্দ কলিতাকে ধৰি কেইবাজনো আৰক্ষী বিষয়া৷ ইয়াৰ পিছতে মুখ্যমন্ত্রীগৰাকীয়ে টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱনির্মিত খেলুৱৈ প্রসাধন কক্ষ এটাৰ শুভ উদ্বোধন কৰে৷ টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রাংগণত অনুষ্ঠিত বিজেপিৰ দুলীয়াজান সমষ্টি কার্যকর্তা সন্মিলনত অংশগ্রহণ কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ সন্মিলনৰ সভাত কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, বিধায়ক তেৰছ গোৱালা, বিজেপিৰ ডিব্রুগড জিলা সভাপতি জগদীশ কোঁৱৰ, জিলা পৰিষদৰ সভানেত্রী ডেইজীৰাণী ফুকনে বক্তব্য ৰাখে৷

You might also like