নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰ নির্মাণৰ বাবে ৫ লাখ ১০০ টকাৰ বৰঙণি ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দৰ

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ  শতিকাজুৰি প্রতীক্ষাৰ অন্তত নির্মাণ হৈ থকা অযোধ্যাৰ ৰাম মন্দিৰৰ নির্মাণৰ কাৰণে ৫ লাখ টকাৰ বৰঙণি আগবঢ়ালে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে৷ দেশৰ সাংবিধানিক মুৰব্বী ৰাষ্ট্রপতিৰ পৰা ৰাম মন্দিৰৰ বাবে বৰঙণি বিচাৰি অহা ৰাম জনমভূমি তীর্থক্ষেত্র ট্রাষ্টৰ প্রতিনিধিক আজি পুৱা সাক্ষাৎ কৰি ৰাষ্ট্রপতি কোৱিন্দে ৫ লাখ ১০০ টকাৰ এখন চেক প্রদান কৰে৷ ৰাষ্ট্রপতিৰ ব্যক্তিগত একাউণ্টৰ পৰা দান কৰা ৫ লাখ ১০০ টকাৰ চেকখন ৰাম জনমভূমি তীর্থক্ষেত্র ট্রাষ্টৰ নামত দিয়ে৷ উল্লেখ্য যে আজি ৰাম জনমভূমি তীর্থক্ষেত্র ট্রাষ্টৰ প্রতিনিধি দলটোত বিশ্ব হিন্দু পৰিষদৰ আন্তর্জাতিক কার্যবাহী সভাপতি আলোক কুমাৰ, ট্রাষ্টৰ কোষাধ্যক্ষ গোবিন্দ দেৱগিৰি, প্রাক্তন আমোলা নৃপেন্দ্র মিশ্র আছে৷ উল্লেখ্য যে ৰাম মন্দিৰ নির্মাণৰ বাবে পুঁজি সংগ্রহ কৰাটো ট্রাষ্টে বাধ্যতামূলক কৰি লৈছে৷ ৪৮ ঘণ্টাৰ ভিতৰত ট্রাষ্টে দেশৰ ৫,২৫,০০০খন গাঁৱৰ পৰা দান–বৰঙণি সংগ্রহ কৰিব৷ ২০ হাজাৰতকৈ অধিক টকা ট্রাষ্টে চেকযোগে গ্রহণ কৰিব৷ উল্লেখ্য যে ১৫ জানুৱাৰীৰ পৰা ২৭ ফেব্রুৱাৰীলৈ এই বৰঙণি সংগ্রহ অভিযান চলিব৷

You might also like