নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ নিজা কার্যালয়তেই অভিযান চিবিআইৰ

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ দুর্নীতিৰ তদন্ত চলাই নতুন দিল্লীৰ নিজৰ মুখ্য কার্যালয়ত কালি অভিযান চলায় চিবিআয়ে৷ সংস্থাটোৱে তদন্ত চলাই থকা এটি প্রতিষ্ঠানৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতেই চিবিআইৰ এটা দলে কালি চি জি অ’ কমপ্লেক্সত থকা কার্যালয়ত অভিযান চলোৱাৰ লগতে দেশজুৰি এনে অভিযোগত সাঙুৰ খোৱা চিবিআইৰ বিষয়া, মধ্যভোগী আৰু চার্টাৰ একাউণ্টৰ বাসগৃহতো তালাচী চলায়৷ মুখ্য কার্যালয়ৰ এজন ডেপুটী এছ পি, ইন্সপেক্টৰ, ষ্টেনো আৰু এজন কর্মচাৰীৰ বিৰুদ্ধে অভিযানকাৰী চি বি আয়ে গোচৰ ৰুজু কৰে৷ চি বি আইৰ মুখপাত্র আৰ চি যোশীয়ে প্রকাশ কৰা মতে ডেপুটী এছ পি আৰ কে ৰিছি আৰু আৰ কে ছাংৱান, ষ্টেনোগ্রাফাৰ সমীৰ কুমাৰ সিং আৰু ইন্সপেক্টৰ কপিল ধানকাৰোৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে৷ দিল্লীৰ মুখ্য কার্যালয়ৰ উপৰি চি বি আইৰ দলটোৱে কালি নিশালৈকে গাজিয়াবাদ, নইদা, গুৰগাঁও, মিৰাট আৰু কাণপুৰতো অভিযান চলাইছে৷ উল্লেখ্য যে ৩,৫০০ কোটি টকাৰ বেংক জালিয়াতিৰ সৈতে জড়িত মুম্বাইস্থিত এটা কোম্পানীৰ পৰা মুখ্য কার্যালয়ৰ বিষয়া–কর্মচাৰীয়ে উৎকোচ লোৱাৰ তথ্য চিবিআয়ে লাভ কৰাৰ পিছতেই অভিযান চলায়৷

You might also like