নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জত বিজেপিৰ মণ্ডল কাৰ্যনিৰ্বাহক সভাত ৰঞ্জিত ভট্টাচাৰ্য

বিশেষ বাৰ্তা, ২৭ মেঃ আজি বিজেপিৰ কৰিমগঞ্জ জিলাৰ দুল্লভছড়া মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে বিজেপিৰ কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য। সভাত উপস্থিত থাকি তেওঁ দলৰ কাৰ্যকর্তাসকলক সম্বোধন কৰে। লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত বিজেপিৰ ভেটি আৰু অধিক শক্তিশালী কৰাৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে। ইফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে বিজেপি কৃষক মৰ্চাৰ মণ্ডল প্ৰবাহৰ জৰিয়তে দলৰ কার্যকর্তাসকলৰ সৈতে কৰিমগঞ্জৰ ৰাজপথত পদব্ৰজে গৈ জনতাৰ সৈতে আলাপ আলোচনাত মিলিত হৈ জনসম্পৰ্ক অভিযান আৰম্ভ কৰে ভট্টাচাৰ্যই। আজিৰ কাৰ্যসূচীত মণ্ডল সভাপতি জিতেন্দ্ৰ লাল ৰায়, জিলা বিজেপি উপ-সভাপতি উমাশংকৰ বাণীয়া প্ৰমুখ্যে দলৰ বহু কার্যকর্তা উপস্থিত থাকে।

You might also like