নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহ-২০২৩ৰ সামৰণি

নিময়ীয়া বাৰ্তা, ২৭ মে : হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ “বিশ্ববিদ্যালয় সপ্তাহ-২০২৩ বঁটা বিতৰণী অনুষ্ঠানটি ২৬ মেত আনন্দ আৰু উৎসৱমুখৰ পৰিৱেশত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। যোৱা ২৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে তৰ্ক, সাহিত্য আৰু সুকুমাৰ কলা, সাংস্কৃতিক আৰু ক্ৰীড়া বিভাগৰ অধীনত শতাধিক প্ৰতিযোগিতাৰে ৰূপায়ণ হোৱা বিশ্ববিদ্যালয় সপ্তাহটিৰ বঁটা বিতৰণী অনুষ্ঠানটি বিশেষ অসুবিধাবশতঃ পিছুৱাবলগীয়া হৈছিল।সেইমৰ্মে কালি ছাত্ৰ একতা সভাৰ সভাপতি চিন্ময় মালাকাৰ, সম্পাদক ধনী ফাংচ, সাংস্কৃতিক সম্পাদক বিশাল ভদ্ৰৰ লগতে ছাত্র একতা সভাৰ অন্যান্য বিষয়ববীয়াৰ উদ্যোগ আৰু তৎপৰতাত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠান কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে হোজাই জিলাৰ সন্মানীয় আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা ।বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পঞ্জীয়ক ডঃ অমৰ গৌতমে পৰিচালনা কৰা অনুষ্ঠানটিত ছাত্ৰ একতা সভাৰ বিভিন্ন বিভাগৰ তত্ত্বাৱধায়ক ডঃ সত্যজিৎ কুমাৰ, দেৱৰাজ মিলি, ডঃ পবিত্ৰ ৰয়কে ধৰি কেবাগৰাকীও শিক্ষকে উপস্থিত থাকি মূল্যৱান পৰামৰ্শেৰে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ-উদ্দীপনা যোগায়।প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বিভিন্ন বিভাগৰ পৰা শ্ৰেষ্ঠ বিভাগৰ সন্মান লাভ কৰে অসমীয়া বিভাগে। ফলাফল অনুযায়ী ইতিহাস বিভাগে দ্বিতীয় আৰু যুটীয়াভাৱে বাংলা বিভাগ আৰু বাণিজ্য বিভাগে তৃতীয় শ্ৰেষ্ঠ বিভাগৰ সন্মান অৰ্জন কৰে। এইবৰ্ষত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাসমূহৰ বিজয়ীসকলৰ মাজৰ পৰা ইতিহাস বিভাগৰ ছাত্ৰী দিব্যাণী বৰাই শ্ৰেষ্ঠ কণ্ঠশিল্পী, অসমীয়া বিভাগৰ ছাত্র অংকুৰজ্যোতি বৰাই শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগীৰ খিতাপ অৰ্জন কৰে। ল’ৰাৰ কাবাডী আৰু ক্ৰিকেটত ছাদ্দাম উল হাছান, ভলীবলত ফাৰহাদ হুছেইন, খো-খোত আৰ্চে টিমুং, বাস্কেটবলত আকাশ শ্বাহ আৰু ফুটবলত প্ৰীতম হাকমছাই শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে। ছোৱালী ক্ৰিকেটত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে প্ৰীতি ক্ৰপীয়ে। শ্ৰেষ্ঠ তাৰ্কিক আবু ছুফিয়ান, শ্ৰেষ্ঠ বক্তাৰূপে সন্মান লাভ কৰে কস্তুৰীমা দাসে। ট্ৰেক এণ্ড ফিল্ড শাখাত শ্ৰেষ্ঠত্বৰ সন্মান অৰ্জন কৰে ক্ৰমে সমীৰ সিংহ, ৰাহুল চৌহান, গৌৰী মাহাতো আৰু জয়ালক্ষ্মী ছেত্ৰীয়ে। ছাত্র-ছাত্ৰীৰ অফুৰন্ত উৎসাহ আৰু উলহ-মালহেৰে অনুষ্ঠিত অনুষ্ঠানটিত ছাত্র একতা সভাৰ আন আন বিষয়ববীয়া ক্ৰমে কলমচন টিছ'(উপসভাপতি), দেবৰ্ষি মণ্ডল(সহকাৰী সম্পাদক), বিশাল চৌহান(ক্ৰীড়া), জিমলী দেৱী(আলোচনী), প্ৰাণদীপ দত্ত(সমাজসেৱা), পৌলমী চক্ৰবৰ্তী(ছাত্ৰ সাহায্য নিধি), প্ৰীতম মজুমদাৰ(তৰ্ক আৰু আলোচনা), ৰমিত বডছা(ছাত্র জিৰণিকোঠা), পল্লবী দে(ছাত্ৰী জিৰণিকোঠা) আদিয়েও সক্ৰিয় সহযোগিতা আগবঢ়ায়।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like