নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০ মাৰ্চত দাখিল কৰিব মনোনয়ন পত্ৰ। হেঙেৰাবাৰী মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ এক বিশাল শোভাযাত্ৰাৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে সেইদিনা নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে।
ইতিমধ্যে এই পৰিকল্পনা আৰু প্ৰস্তুতি পৰ্ব চলাই থকা হৈছে। অবিভক্ত জালুকবাৰী সমষ্টিৰ বিজেপিৰ মণ্ডল মণ্ডলে সাংগঠনিক সভাৰ লগতে প্ৰস্তুতি সভা অনুষ্ঠিত কৰা হৈছে। এই সভাত মণ্ডলৰ বিষয়ববীয়াসকলৰ সমান্তৰালকৈ প্ৰতিখন পঞ্চায়তৰ বিজেপিৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
একেদৰে চাংসাৰিস্থিত বিজেপিৰ বেজেৰা মণ্ডলৰ কাৰ্যালয়তো এক সাংগঠনিক সভা অনুষ্ঠিত হয়। পূৰ্বৰ জালুকবাৰী সমষ্টিৰ পৰা কমলপুৰত অন্তৰ্ভুক্ত বেজেৰা মণ্ডলৰ উক্ত সভাত কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীৰ অ’এছ ডি হেমন্ত চৌধুৰী।
তেওঁ কাৰ্যকৰ্তাসকলক পূৰ্বৰ দৰেই ব্যাপক উৎসাহেৰে দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনত সহযোগিতা কৰিবলৈ আহ্বান জনায়। দ্বিতীয়তে তেওঁ বেজেৰা মণ্ডল আৰু শুৱালকুছি মণ্ডল পূৰ্বৰ দৰেই মুখ্যমন্ত্ৰীৰ দায়িত্বত থকাৰ কথা সদৰী কৰি অহা ২০ মাৰ্চত মনোনয়নৰ দিনা সকলো কৰ্মীকে উপস্থিত থকাৰ বাবে আহ্বান জনায়।
সভাত বিধায়ক দিগন্ত কলিতাও নিজৰ বক্তব্যত কৰ্মীসকলক উৎসাহ প্ৰদান কৰে। সভাত মণ্ডলৰ সভাপতি নয়নমনি বৰা, উপ সভাপতি ৰুবুল দাস, সম্পাদক নৃপেন নাথ, জিলা পৰিষদৰ সদস্য কিৰণ চন্দ্ৰ কাকতি, বিৰাজ কুমাৰ নাথ, উত্তৰ কামৰূপ জিলাৰ বিজেপি সভাপতি ভাস্কৰ কলিতা, জ্যেষ্ঠ নেতা মদন চন্দ্ৰ ডেকাকে ধৰি কেইবাগৰাকী দলীয় নেতা উপস্থিত থাকে।
ইপিনে বিজেপি বেজেৰা মণ্ডলৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, ২০ মাৰ্চত মণ্ডলৰ পৰা মুখ্যমন্ত্ৰীৰ মনোনয়ন পত্ৰৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ ৯৮খনকৈ বাছ ইতিমধ্যে ঠিক কৰা হৈছে। খানাপাৰাত কাৰ্যকৰ্তাসকলে মিলিত হৈ অভিভাৱকসদৃশ আপোন মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা জনোৱাৰ অৰ্থে শোভাযাত্ৰাত অংশ লব।
নিয়মীয়া বাৰ্তা, চাংসাৰি, ১৮ মাৰ্চ