বিশেষ বাৰ্তা, ১৯ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰৰ ৯ বছৰ পূৰ্তি উপলক্ষে চলি আছে “মহা জনসম্পৰ্ক অভিযান”। এই অভিযান ৩০ মেৰ ৩০ জুনলৈকে চলিব। এই “মহা জনসম্পৰ্ক অভিযান” কাৰ্য্যসূচীৰ অংশস্বৰূপে বিজেপিৰ ৰাজ্য়িক কৃষক মৰ্চাৰ উদ্যোগত মহা জনসম্পৰ্ক অভিযান কাৰ্য্যসূচীৰ বাবে গঠন কৰা বিভিন্ন গোটৰ কৰ্মশালা আজি গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। কৰ্মশালাত উপস্থিত থাকে কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিত বৰা, উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য, বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, কৃষক মৰ্চাৰ প্ৰভাৰী তথা ৰাজ্যিক বিজেপিৰ উপ সভাপতি অশোক ভট্টৰাই, কৃষক মৰ্চাৰ ৰাষ্ট্ৰীয় উপ সভাপতি প্ৰাণ কুমাৰ দাস, বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয় সম্পাদক সুজিত ৰায়, কৃষক মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়াসকল, গঠন কৰি দিয়া সমিতিসমূহৰ আহ্বায়ক আৰু সহঃ আহ্বায়কসকল আৰু জিলা কৃষক মৰ্চাৰ সভাপতিসকল। উক্ত কৰ্মশালাখন সুচাৰুৰূপে পৰিচালনা কৰে কৃষক মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্য আৰু কৃষক মৰ্চাৰ ৰাজ্যিক সম্পাদক সঞ্জীৱ বৰাই।