নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত কৃষক মৰ্চাৰ বিষয়ববীয়া সভা সম্পন্ন

বিশেষ বাৰ্তা, ১২ ডিচেম্বৰঃ আজি বিজেপিৰ বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত কৃষক মৰ্চা অসম প্ৰদেশৰ সভাপতি উৎপল বৰাৰ নেতৃত্বত প্ৰথমখন বিষয়ববীয়া সভা অনুষ্ঠিত হয়। সভাত কৃষক মৰ্চা অসম প্ৰদেশৰ বিগত সময়ছোৱাত হৈ যোৱা কাৰ্যসূচীসমূহৰ ওপৰত বিশদভাৱে আলোকপাত কৰা হয় লগতে অনাগত সময়ছোৱাত লব লগা কাৰ্যসূচীৰ বিষয়েও আলোচনা কৰা হয়। সভাখনত ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে “নমো কাবাদী” শীৰ্ষক কাৰ্যসূচী ভাৰতবৰ্ষৰ আন আন ৰাজ্যৰ লগতে অসমত ইতিমধ্যেই ৩৯খন সাংগঠনিক জিলাৰ ৩৬খন জিলাতেই এই কাবাদী খেল অনুষ্ঠিত হৈ যায়। কাবাদী খেলৰ অসমৰ আহ্বায়ক তথা কৃষক মৰ্চাৰ উপ-সভাপতি ভাস্কৰ হাজৰিকাই কাবাদী খেল অনুষ্ঠিত হৈ যোৱা জিলাসমূহৰ এটি তথ্যভিত্তিক প্ৰতিবেদন সভাপতিৰ হাতত অৰ্পন কৰে। ইয়াৰ পিছতেই কৃষক মৰ্চা অসম প্ৰদেশৰ ৩৯খন সাংগঠনিক জিলাতে যাতে সাংগঠনিকভাৱে সক্ৰিয় হব পাৰে তাৰ বাবে ৰাজ্যিক উপ-সভাপতিসকলক আহ্বায়ক আৰু সম্পাদকসকলক সহ-আহ্বায়ক হিচাপে লগতে কাৰ্যনিৰ্বাহক সদস্যসকলক লগত লৈ সাতটা ভাগত ভাগ কৰি একোটাকৈ জ’ন বনাই দিয়া হয়। অনাগত সময়ছোৱাত এই জিলাসমূহত সাংগঠনিক কাম কাজ আজি নিযুক্তি দিয়া আহ্বায়কসকলৰ তত্বাৱধানত হব বুলি সভাপতি উৎপল বৰাই ঘোষণা কৰে। কৃষক মৰ্চাৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্য আগত ৰাখি কেনেদৰে কাৰ্যপন্থা লোৱা হব আদি বিষয় বিশদভাৱে সভাত আলোচনা কৰা হয়। সভাখনত সাধাৰণ সম্পাদকদ্বয় ক্ৰমে ৰঞ্জিত ভট্টাচাৰ্য আৰু সঞ্জীৱ বড়াকে প্ৰমুখ্য কৰি সকলো ৰাজ্যিক বিষয়ববীয়াসকল উপস্থিত থাকে।

#বাৰ্তা ডেস্ক

You might also like