নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ এছপি আনন্দ মিশ্রক মণিপুৰলৈ বদলি

বিশেষ বাৰ্তা, ১২ ডিচেম্বৰঃ লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রক মণিপুৰলৈ বদলি কৰা হৈছে৷ মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্রণৰ দায়িত্ব অর্পণ কৰা হৈছে মিশ্রক৷ সেইদৰে অসম আৰক্ষীৰ সীমান্ত শাখাৰ আৰক্ষী অধীক্ষক ৰণদীপ কুমাৰ বৰুৱাকো একেই উদ্দেশ্যেৰে মণিপুৰলৈ বদলি কৰা হৈছে৷ আজি গৃহ বিভাগে এক নির্দেশনাৰ জৰিয়তে দুয়োগৰাকী আৰক্ষী বিষয়াক মণিপুৰলৈ বদলি কৰে৷ উল্লেখ্য যে হিংসাজর্জৰ মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে উচ্চতম ন্যায়ালয়ৰ নির্দেশনা অনুসৰি লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্র আৰু অসম আৰক্ষীৰ সীমান্ত শাখাৰ আৰক্ষী অধীক্ষক ৰণদীপ কুমাৰ বৰুৱাক মণিপুৰলৈ বদলি কৰি তৎকালে মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ বাবে গঠন কৰা এছআইটিৰ দায়িত্ব ল’বলৈ নির্দেশ দিয়া হৈছে৷

#বাৰ্তা ডেস্ক

You might also like