নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ ৱাল ৰাইটিং শ্লোগান ‘একবাৰ ফিৰ চে মোদী চৰকাৰ’

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জানুৱাৰীঃ হেটট্রিক জয়ৰ পণ বিজেপিৰ৷ ২০২৪ চনৰ লোকসভা নির্বাচনত চমকপ্রদ জয়েৰে একেৰাহে তৃতীয়বাৰৰ বাবে দিল্লীৰ মচনদ দখলৰ লক্ষ্যৰে টঙালি বন্ধা বিজেপিয়ে আজিৰে পৰা দেশজুৰি আৰম্ভ কৰিছে ৱাল ৰাইটিং কার্যসূচী৷ দেশৰ প্রতিখন ৰাজ্যতে আৰম্ভ হৈছে বিজেপিৰ ৱাল ৰাইটিং তথা দেৱাল লিখন৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই আৰম্ভ কৰা এই দেৱাল লিখন কার্যসূচীত প্রতিখন ৰাজ্যৰ কর্মীয়ে আৰম্ভ কৰিছে ‘একবাৰ ফিৰ চে মোদী চৰকাৰ’ শ্লোগানৰ দেৱাল লিখন৷ বিজেপিৰ প্রতীক পদুমৰ তলত একবাৰ ফিৰ চে মোদী চৰকাৰ শ্লোগান লিখি দেশৰ প্রতিজন ভোটাৰক আকর্ষণৰ লক্ষ্য লৈছে গেৰুৱা বাহিনীটোৱে৷ লোকসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি আৰম্ভ কৰা এই কার্যসূচীত উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ পৰা বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্রীকে ধৰি জ্যেষ্ঠ নেতাসকলে অংশগ্রহণ কৰিছে৷ ভাৰতীয় জনতা পার্টীৰ হেটট্রিক জয় তথা ঐতিহাসিক জয়ৰ বাবে দলীয় কর্মীসকলক অধিক পৰিশ্রম কৰিবলৈ আহ্বান জনাই কেন্দ্রীয় চৰকাৰৰ কল্যাণমূলক আঁচনিৰ প্রতিটো তথ্য যাতে দেশৰ প্রতিজন নাগৰিকে লাভ কৰিবলৈ সক্ষম হয় তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে ৰাষ্ট্রীয় সভাপতি নাড্ডাই৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীক ক্রমাগত তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী পদত অধিষ্ঠিত কৰাৰ লক্ষ্য লোৱা বিজেপিয়ে দেশৰ প্রান্তে প্রান্তে বিকাশত ভাৰত সংকল্প যাত্রাও অব্যাহত ৰাখিছে৷ মোদী চৰকাৰৰ কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীৰ অংশগ্রহণেৰে দেশৰ প্রতিটো প্রান্তে প্রান্তে চলা বিকশিত ভাৰত সংকল্প যাত্রাত ভিডি’ কনফাৰেঞ্চযোগে প্রত্যক্ষভাৱে মত বিনিময় কৰি আহিছে প্রধানমন্ত্রী মোদীয়ে৷ মন কৰিবলগীয়া যে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে দেৱালত ‘একবাৰ ফিৰ চে মোদী চৰকাৰ’ শীর্ষক শ্লোগানৰ উপৰি ‘একবাৰ ফিৰ চে মোদী চৰকাৰ’ৰ লগত ‘ইচবাৰ বিজেপি ৪০০ পাৰ’ শ্লোগানো সন্নিৱিষ্ট কৰিছে৷

You might also like