নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনিত বিজেপিয়ে পাব ১০ৰ পৰা ১২খন আসন

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই শাসকীয় বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ ক্ষীপ্ৰতৰ কৰি তোলাৰ বিপৰীতে বিৰোধী মিত্ৰজোঁট‌ এতিয়া ব্যস্ত ক্ষোভ মৰিষণত। সমষ্টিয়ে সমষ্টিয়ে কংগ্ৰেছ কৰ্মীক বুজনি দিয়াৰ অভিযান আৰম্ভ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

বুধবাৰে মৰিয়নি সমষ্টিত মিত্ৰতাৰ দোহাই দি নিজ আসন হেৰুৱাই খঙত অগ্নিশৰ্মা হৈ থকা মৰিয়নি সমষ্টিৰ কংগ্ৰেছ কৰ্মীক বুজনি দিয়াত নামি পৰিল অখিল গগৈ। মৰিয়নি সমষ্টিৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাক জয়যুক্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে টীয়ক সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী শইকীয়া জয় নিশ্চিত বুলি মন্তব্য কৰে।

ইপিনে এই ক্ষোভ মৰিষণ সভাত সাংবাদিকৰে হোৱা বাৰ্তালাপত অখিল গগৈয়ে কয়- মৰিয়নি সমষ্টিত এইবাৰ কুৰ্মী পৰিয়াল ক্ষমতাচ্যুত হ’ব। যোৱা ৩৫ টা বছৰে কুৰ্মী পৰিয়ালে সমষ্টিটোৰ এটাও চকুত লগা কৰি দেখুৱাব নোৱাৰিলে।সেই কথা মৰিয়নি সমষ্টিৰ ৰাইজে এইবাৰ বাৰুকৈয়ে উপলব্ধি কৰিছে।

লগতে কয়-ৰূপজ্যোতি কুৰ্মীয়ে এই নিৰ্বাচনত লাভ কৰিব মাত্ৰ ৪০ হাজাৰ ভোট। অখিল গগৈয়ে দাবী কৰা অনুসৰি এইবাৰ উজনি অসমৰ ৪৬ খন আসনৰ ১০ ৰ পৰা ১২ খন আসনতে সন্তুষ্ট থাকিব লাগিব শাসকীয় বিজেপি।

গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণৰ নেতৃত্বত পুনৰ নতুন শক্তি সৃষ্টি হৈছে বুলিও মন্তব্য কৰে।একেদৰে বিভিন্ন সংস্থাই ইতিমধ্যে প্ৰকাশ কৰা EXIT POLLত শাসকীয় বিজেপিকেই একক সংখ্যাগৰিষ্ঠতা কৰিব বুলি ৰায় দিয়া সন্দৰ্ভত অখিল গগৈয়ে অজ্ঞতা প্ৰকাশ কৰি – মই এটাই জানো এইবাৰ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটাব লাগে আৰু এয়াই বিচাৰিছে ৰাইজে বুলি মন্তব্য কৰে।

উল্লেখ্য যে কলীয়াপানী ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজৰ এই উমৈহতীয়া সভাত সকলোৱে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে যুঁজ দি জ্ঞানশ্ৰী বৰাক জয়ী কৰাৰ পোষকতা কৰে আৰু অখিল গগৈৰ পৰামৰ্শলৈ সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হয়।

বিশেষ বাৰ্তা, টীয়ক, ২৫ মাৰ্চ

You might also like