নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ সমষ্টিত জয়েৰে ২০২৬ত মুখ্যমন্ত্ৰী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ এপ্ৰিলঃ কংগ্ৰেছে নিৰ্বাচনৰ সময়ত বিশেষকৈ সংখ্যালঘু মানুহক ভয় খুৱায়। তেওঁলোকে ভয় খুৱায় যে বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি দিব।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। ৯নং নগাঁও লোকসভা সমষ্টিৰ বিজয় সংকল্প সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কংগ্ৰেছে নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰকাৰে সংখ্যালঘু মানুহক ভয় খুৱায়। আগতে কৈছিল বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি, কিন্তু এইবাৰ কৈছে সংবিধান বদলাই দিব। অসমত ৮ বছৰ, কেন্দ্ৰত ১০ বছৰ বিজেপি শাসনত থাকিল, ক’ৰবাত মছজিদ ভাঙিল নেকি বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ কংগ্ৰেছে নতুনকৈ কোৱা আৰম্ভ কৰিছে যে বিজেপি শাসনলৈ আহিলে সংবিধান বদলাই দিব। মন্ত্ৰীগৰাকীয়ে এইবোৰ সকলো মিছা কথা বুলি উল্লেখ কৰি কয় যে আমি মানুহৰ কাম কৰিম, আমি ৰাইজৰ কাম কৰিম, সকলোৰে কাম কৰিম, এয়া আমি প্ৰতিশ্ৰুতি দিছো। সকলোৰে কাৰণে কাম কৰা, সকলো শান্তিত থকা, সকলোকে লৈ আগুৱাই যোৱাই নৰেন্দ্ৰ মোদীৰ নীতি বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে উন্নয়ন কংগ্ৰেছে কৰা নাই, উন্নয়ন আমি কৰিছো। আমি বিনামূলীয়া চাউল দিছো, অৰুণোদয় দিছো, কংগ্ৰেছে এইবিলাক একো দিয়া নাছিল। ৰাস্তা-ঘাটৰ উন্নয়ন কংগ্ৰেছে কৰা নাছিল। লাহৰীঘাটৰ ৰাইজ বানপানীত ডুব গৈ আছিল। স্বাধীনতাৰ পৰা আজিলৈকে লাহৰীঘাটত অকল কংগ্ৰেছে থাকিল, কিন্তু এই অঞ্চলৰ উন্নয়ন একো নকৰিলে। না মথাউৰি নিৰ্মাণ কৰিলে, না খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা ললে। কংগ্ৰেছে একো কাম নকৰিলে। ইয়াত মথাউৰি নিৰ্মাণ, খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁ নিজে কৰা বুলি উদাত্ত ভাষণত উল্লেখ কৰি কয় যে আমি আপোনালোকক সন্মান কৰোঁ বাবে এই কাম আমি কৰিছো। গতিকে ভোট কংগ্ৰেছক দি লাভ নাই বুলি ভাষণত উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ৰাইজক ভোট বিজেপিক দিবলৈ আহ্বান জনায়। প্ৰসংগক্ৰমে চামগুৰি সমষ্টিত খহনীয়া ৰোধৰ কাৰণে মন্ত্ৰীগৰাকীয়ে এইবেলি ৮ কোটি টকা দিয়া বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণত ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰে সেই বিষয়ে উল্লেখ কৰে। কংগ্ৰেছৰ দিনত এনেকুৱা একো সুবিধা ৰাইজে পোৱা নাছিল। কংগ্ৰেছে অকল মিছা কথা কয়, সংখ্যালঘু ৰাইজক পঢ়া-শুনাৰ পৰা দূৰত ৰাখে, গাঁৱৰ ৰাস্তাবিলাক বেয়া কৰি ৰাখে বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে। তেওঁ কয় যে একেটা পৰিয়ালৰ মানুহে চামগুৰিত বছৰৰ পাছত বছৰ ধৰি মন্ত্ৰী-বিধায়ক হৈ আছে যদিও কাম একো কৰা নাই। কাম কৰিছে কেৱল বিজেপিয়ে, কাম কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, নগাঁওবাসীৰ সুবিধাৰ কাৰণে নগাঁও মেডিকেল কলেজ ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণই কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ৮ বছৰত অসমত ১৮খন মেডিকেল কলেজ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৬০ বছৰত অসমত মাত্ৰ ৬ মেডিকেল কলেজ নিৰ্মাণ কৰা বুলি ভাষণত উল্লেখ কৰে। তেওঁ কয় যে এয়াই হৈছে কংগ্ৰেছ আৰু বিজেপিৰ পাৰ্থক্য। নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী হাজৰীকাই। ‘মুছলমান ৰাইজৰ ওচৰলৈ যাবলৈ মোৰ ঘিন’ লাগে বুলি প্ৰদ্যুত বৰদলৈয়ে বহুত ঠাইত কৈ ফুৰিছিল বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে। তেওঁ আৰু কয় যে এনেধৰণ কথা আমি নকওঁ, সেই কাৰণে আমি আপোনালোকৰ ওচৰলৈ সহায় বিচাৰি আহিছো বুলি উল্লেখ কৰে। তদুপৰি মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ কেতিয়াও নাহে। মৰি গলেও কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ নাহে বুলি তেওঁ কয়। কেন্দ্ৰত পুনৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিব, সেয়ে তেওঁ ভোটকেইটা কংগ্ৰেছক দি নষ্ট নকৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। আনহাতে, ২০২৬ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ১০০টা সমষ্টিত জয়ী হৈ পুনৰ মুখ্যমন্ত্ৰী হ’ব বুলি ভাষণত কয়। গতিকে সমষ্টিকেইটাক যদি পিছুৱাই নিয়াৰ মন নাই তেন্তে বিৰোধীক ভোট দিয়াৰ বিপৰীতে তেওঁ বিজেপিক ভোট দিবলৈ আহ্বান জনায়।

You might also like