নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীৰ গেৰাণ্টী-মামাৰ ৱাৰেণ্টী ১০০ বছৰলৈ থাকিব : মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ সকলোৱে বিচাৰে বিজেপিৰ চৰকাৰ। সমগ্ৰ দেশত আজি এটাই আৱাজ মোদী মোদী মোদী। হিন্দু, মুছলমান, খ্ৰীষ্টান, সকলোৰে মুখত মোদী মোদী। দিল্লীত মোদী দিছপুৰত মামা। পুৰণি টকা যেনেদৰে দোকানত নচলে। তেনেদৰে কংগ্ৰেছ এতিয়া পুৰণা নোট নচলে। মানুহে তেওঁলোকক নিবিচাৰে। কৃপানাথ মাল্লা বিজয়ী হ’লে মোদীৰ লগত বহিব। আৰু কংগ্ৰেছ জিকিলে ৰাহুল গান্ধীৰ লগত বহিব। মোদীৰ লগত ৪০০জন আছে। ৰাহুলৰ লগত ৪০জন আছে। গতিকে হৰা টীমৰ লগত কোনো নবহে। জিতা টীমৰ লগত মানুহ থাকিব। মোদীৰ গেৰাণ্টী আৰু মামাৰ ৱাৰেণ্টী ১০০ বছৰলৈ থাকিব। গতিকে কংগ্ৰেছে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে। কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰচিদ আহমেদ চৌধুৰী কেতিয়াও জিকিব নোৱাৰে,হৰাৰ পিছত তেওঁ গুৱাহাটীলৈ গুচি যাব। তেওঁ কেতিয়াবা বিনা টকাৰে কাৰোবাৰ ওকালতি কৰিছিল নেকি। গতিকে এনে মানুহক ভোট দি লাভ নাই। হাফিজ ৰচিদ চৌধুৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। কৃপানাথ জিকিলে পুনৰ ৫০ হাজাৰ চাকৰি দিব। এতিয়া দুখীয়াৰ ল’ৰা ছোৱালীয়ে বিনা টকাৰে চাকৰি পায়। নিৰ্বাচনৰ পিছত সকলোৰে ঘৰে ঘৰে একোটাকৈ অৰুণোদয় দিব। পাঁচ লাখ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছে। তিনি লাখে পাছ কৰিব। তাৰ পিছত সকলোৱে পঢ়িব পাৰে তাৰ বাবে এডমিছন ফ্ৰী কৰি দিছে। লগতে ছোৱালীসকলৰ পঢ়া শুনাৰ দায়িত্ব মামাই লব বুলি বৰাকত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এনেদৰে কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় এতিয়াৰে পৰা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে জিঅটেক কৰিব নোৱাৰে। মহিলা আত্মসহায়ক গোটসমূহে জিঅটেক কৰিব। দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ পৰা বিজেপিক লীড দিলে সব ৰাস্তা বনাই দিম। নীলামবজাৰত এখন ষ্টেডিয়াম বনাই দিম। মাইমাল সম্প্ৰদায়ৰ বিকাশ কৰিম। কিৰাণ সম্প্ৰদায়ৰ লোকসকলৰ ডেভলপমেণ্ট কাউন্সিল কেবিনেট অনুমোদন দিয়া হৈছে। কৃপানাথ মাল্লাৰ বাবে শিলচৰৰ পৰা চুৰাইবাৰীলৈকে আৰু সূতাৰকান্দিলৈকে ফৰলেন ৰাস্তাৰ অনুমোদন হৈছে।

প্ৰেৰক অসীম দেৱ

You might also like