নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙা লোকসভা সমষ্টিত বিজেপিৰ কামাখ্যাপ্ৰসাদ তাছাৰ বৃহৎ জয়লাভ 

🎯কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কীক  ৩ লাখ ভোটত পৰাস্ত
🎯মই ৰাইজৰ ওচৰত দায়বদ্ধ হৈ থাকিম, এই জয় ৰাইজৰ জয় : কামাখ্যা প্ৰসাদ তাছা
বিশেষ বাৰ্তা, ৪ জুনঃ তিনিটা পৰ্যায়ত অসমত অনুষ্ঠিত হৈ যোৱা ষষ্ঠদশ লোকসভা নিৰ্বাচনৰ ভোটগণনা আজি পুৱাৰে পৰা আৰম্ভ হয়। কলিয়াবৰ, বৰহমপুৰ, বিন্নাকান্দি, হোজাই, লামডিং, গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই আৰু সৰুপথাৰ এই ১০টা সমষ্টিক লৈ গঠিত ১০নং কাজিৰঙা লোকসভা সমষ্টিৰ ভোটগণনাও সমষ্টিটোৰ বিভিন্ন স্থানত আৰম্ভ হয় পুৱাৰে পৰা। ফৰকাটিং মহাবিদ্যালয়ত স্থাপন কৰা ভোটগণনাকক্ষত জিলাখনৰ ১০৩নং গোলাঘাট, ১০৪ দেৰগাঁও আৰু ১০৬নং খুমটাই বিধানসভা সমষ্টিৰ ভোটগণনা পুৱা ৮ বজাৰে আৰম্ভ হয়। এই ভোট গণনা পক্ৰিয়াত পুৱাৰ পৰাই বিজেপি মিত্ৰ জোঁটৰ  প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই অগ্ৰগতি লাভ কৰে আৰু অন্ত পৰালৈকে এই অগ্ৰগতি অব্যাহত থাকে। বিজেপিৰ  মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীক মুঠ ৩,০৪,৯৬৯ টা ভোটত পৰাজিত কৰি লোকসভালৈ নিৰ্বাচিত হয়। ১০টা বিধানসভা সমষ্টিৰে গঠিত কাজিৰঙা লোকসভা মুঠ ২০,৪৮,১৯৭গৰাকী ভোটাৰে কামাখ্যা প্ৰসাদ তাছাক ১০,৫৩,৭৩১টা ভোট প্ৰদান কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দী ৰ’জলীনা তিৰ্কীক ৭,৪৮,৭৬২টা ভোট প্ৰদান কৰে। উল্লেখ্য যে লোকসভা সমষ্টিটোৰ পৰা ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্ৰ মালাকাৰ, অসম জন মৰ্চাৰ চেলিম আহমেদ, নিৰ্দলীয় প্ৰাৰ্থী বিনোদ গগৈ, দিলোৱাৰা বেগম চৌধুৰী, আব্দুল হক, ত্ৰিদিব জ্যোতি ভূঞা, জ্যোতিষ্ক ৰঞ্জন গোস্বামী, ভোটাৰচ পাৰ্টী ইন্টাৰনেচনেলৰ অনিমা ডেকা গুপ্তা, আৰু ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া (আঠাৱালে)ৰ ছালেহ আহমেদ মজুমদাৰে কাজিৰঙা লোক সভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছিল।মন কৰিবলগীয়া যে কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ ১,৮৪,৫২৮গৰাকী ভোটাৰে তাছাক ১,০১,৬০৭টা আৰু তিৰ্কীক ৩৯,৮৫৪টা ভোট প্ৰদান কৰে। বৰহমপুৰ বিধানসভা সমষ্টিতো মুঠ ২,২৮,৮২৬ ভোটাৰে তাছাক ১,০৬,২৭১টা আৰু তিৰ্কীক ৭১,৫৩২টা ভোট প্ৰদান কৰে।বিনাকান্দি বিধানসভা সমষ্টিত মুঠ ২,৫৫,১৯০গৰাকী ভোটাৰে তাছাক ৪০,৯২০টা  ভোট  আৰু তিৰ্কীক ১,৫৪,১৬৪টা ভোট প্ৰদান কৰে। অন্যহাতে হোজাই বিধানসভা সমষ্টিৰ মুঠ ২,৪৫,৫২৪গৰাকী ভোটাৰে তাছাক ১,৩৬,৩৮২টা আৰু তিৰ্কীক ৬৬,১৯৬টা ভোট প্ৰদান কৰে। লামডিঙ বিধানসভা সমষ্টিৰ মুঠ ২,৪০,৪২১গৰাকী ভোটাৰৰ তাছাক ১,২৮,৫৫৫টা ভোট আৰু তিৰ্কীক ৬১,১১৬টা ভোট প্ৰদান কৰে। গোলাঘাট বিধানসভা সমষ্টিৰ মুঠ ২,০১,৭৭০গৰাকী ভোটাৰৰ তাছাক ১,২৬,৬২৮টা আৰু তিৰ্কীক ৯৪,০১৪টা ভোট  প্ৰদান কৰে। দেৰগাঁও বিধানসভা সমষ্টিৰ মুঠ ১,৭৩,৬০৬গৰাকী ভোটাৰে তাছাক ১,২৯,৭২৫টা আৰু তিৰ্কীক ৮৫,৫১০টা ভোট  প্ৰদান কৰে। খুমটাই বিধানসভা সমষ্টিৰ মুঠ ১,৬৬,৪১১গৰাকী ভোটাৰে তাছাক ১,২৫,১৯৩ টা আৰু তিৰ্কীক ৮২,৩৯৮টা ভোট প্ৰদান কৰে। বোকাখাট বিধানসভা সমষ্টিৰ মুঠ ১,৫৮,১৯১গৰাকী ভোটাৰে তাছাক ৭৩,৪৩৪টা আৰু তিৰ্কীক ৩৮,৩৬৪টা ভোটা প্ৰদান কৰে আৰু সৰুপথাৰ বিধানসভা সমষ্টিৰ মুঠ ১,৯৩,৬৯৭গৰাকী ভোটাৰে তাছাক ৮০,৭৩৯টা আৰু তিৰ্কীক ৫২,৬৪১টা ভোট  প্ৰদান কৰে।
‘মই ৰাইজৰ ওচৰত সদায় দায়বদ্ধ হৈ থাকিম,এই জয় ৰাইজৰ জয়’—কামাখ্যা প্ৰসাদ তাছা
‘কাজিৰঙা লোকসভা  সমষ্টিৰ  প্ৰাৰ্থীৰূপে বিপুল জয়লাভ কৰাতো মোৰ কোনো কৃতিত্ব নহয়। ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত ৰাইজৰ ই এক সঠিক সিদ্ধান্ত। কাজিৰঙা সমষ্টিবাসী ৰাইজক কৃতজ্ঞতা জনোৱাৰ মোৰ কোনো ভাষা নাই।’ আজি কাজিৰঙা লোকসভা  সমষ্টিৰ ফলাফল ঘোষণাৰ অন্তত গোলাঘাট জিলাৰ ফৰকাটিং মহাবিদ্যালয়ৰ ভোট গণনা প্ৰাংগণত উপস্থিত হৈ বিজয়ী প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে। তেওঁ লগতে কয় যে সমষ্টিটোৰ প্ৰাৰ্থীৰূপে নিৰ্বাচিত হোৱাৰ পাছত সৰ্বশ্ৰেণীৰ ৰাইজৰ ওচৰত মই দায়বদ্ধ হৈ থাকিম । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তেওঁ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলোকৰ নেতৃত্বত  অসমে আগন্তুক দিনত বিকাশৰ যাত্ৰা ত্বৰান্বিত কৰিব বুলিও উল্লেখ কৰে। বিগত নিৰ্বাচনত সংবাদ মাধ্যমৰ নিৰপেক্ষ ভূমিকাৰ বাবে তেওঁ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে গোলাঘাট জিলাৰ ফৰকাটিঙ মহাবিদ্যালয়ৰ ভোটগণনা কেন্দ্ৰৰ পৰা বিজয়ী প্ৰাৰ্থী প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিবলৈ অহা অৱস্থাত বিজেপিৰ দলীয় কৰ্মী সমৰ্থকসকলে বিপুল আদৰণি জনায়।
প্ৰেৰক দিগন্ত কুমাৰ বৰা
You might also like