আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি চিৰাং জিলাৰ বিজনীৰ উলুবাৰী খেলপথাৰত বিজেপিৰ ‘বিজয় সংকল্প যাত্ৰা’ৰ অংশ হিচাপে এখন বৃহৎ জনসভা অনুষ্ঠিত হয়। জনসভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়।
জনসভাখনত বিপুল সংখ্যক সমৰ্থকৰ উপস্থিতি লক্ষ্য কৰা যায়। ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু সাফল্যৰ বিষয়ে বিস্তৃতভাৱে উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যত চলি থকা উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ পুনৰ বিজেপি নেতৃত্বাধীন NDA চৰকাৰক সমৰ্থন জনোৱা অত্যন্ত প্ৰয়োজন।
সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, প্ৰাক্তন বিধায়ক ৰোমিও ব্ৰহ্ম, পৌৰসভাৰ সভাপতি ধীৰাজ বৰগয়াৰীকে ধৰি অগপ আৰু বিজেপিৰ কেইবাজনো শীৰ্ষ নেতা-কৰ্মী উপস্থিত থাকে।
মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত NDAৰ প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ পক্ষত ভোট বিচাৰি কয় যে জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰে ইতিমধ্যে বহু উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰিছে আৰু আগন্তুক দিনত ইয়াক অধিক বিস্তৃত কৰা হ’ব। তেওঁ লগতে যুৱ সমাজৰ বাবে নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ আশ্বাস প্ৰদান কৰি কয় যে প্ৰায় দুই লাখ চাকৰীৰ ব্যৱস্থা কৰা হ’ব।
ইয়াৰ উপৰি সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে বিটিচিৰ ১৫খন আসনত ১৫আখন বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে NDA জয়লাভ কৰিব। এই জনসভাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত নিৰ্বাচনী উত্তেজনা অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
নিয়মীয়া বাৰ্তা, বিজনী, ২৮ মাৰ্চ