বিশেষজ্ঞ চিকিৎসকৰ ঘোষণাঃ ব্লেক ফাংগাছ মানুহৰ মাজত সংক্রমিত নহয়, চিকিৎসা আছে
নিয়মীয়া বাৰ্তা, ২২ মেঃ ক’ৰোনাসৃষ্ট জটিল পৰিস্থিতিৰ মাজতে দেশবাসীক আতংকিত কৰি ৰখা ব্লেক ফাংগাছ বা মিউকৰ মাইক’ছিছক মহামাৰী ঘোষণাৰ প্রয়োজনীয়তা নাই বুলি মন্তব্য কৰিছে বিশেষজ্ঞ চিকিৎসকে৷
অসমতো ব্লেক ফাংগাছৰ উপস্থিতি ধৰাৰ পৰাৰ পাছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৫জন চিকিৎসকক লৈ এখন বিশেষজ্ঞ কমিটী গঠন কৰি দিছিল৷ এই বিশেষজ্ঞ কমিটীৰ প্রতিবেদনৰ ভিত্তিত স্বাস্থ্য বিভাগে ইতিমধ্যে কালি এখন এছ’পি জাৰি কৰিছে৷ জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ কার্যালয়ৰ সভাকক্ষত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ উপস্থিতিত এখন সংবাদ মেলত বিশেষজ্ঞ কমিটীখনৰ অন্যতম সদস্য তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পালম’নেৰী মেডিচিন বিভাগৰ অধ্যাপক ডাঃ বসন্ত হাজৰিকাই ব্লেক ফাংগাছক লৈ কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে৷
ব্লেক ফাংগাছ এটা অতি বিৰল ৰোগ বুলি মন্তব্য কৰি ডাঃ হাজৰিকাই কয় যে ১ৰ পৰা ১.৫০ লাখ লোকৰ ভিতৰত এজনৰ এই ৰোগ হ’ব পাৰে৷ সাধাৰণ মানুহৰ গাত ব্লেক ফাংগাছ দেখা নিদিয়ে৷ যিসকলৰ অনিয়ন্ত্রিত ডায়েবেটিছ আছে, কিডনী আদি সংৰোপণ কৰিছে, কর্কট ৰোগী, দীর্ঘদিন ধৰি আইচিইউত থাকিবলগীয়া হৈছে তেনে লোকহে ব্লেক ফাংগাছত আক্রান্ত হ’ব পাৰে৷ ই মাটি–পানী–বায়ু সকলোতে ঘূৰি ফুৰে৷ কিন্তু চিন্তা কৰিবলগীয়া নাই৷ কাৰণ এজন মানুহৰ পৰা আন এজন মানুহৰ দেহলৈ ব্লেক ফাংগাছ সংক্রমিত নহয়৷
তদুপৰি ইয়াৰ নির্দিষ্ট চিকিৎসা আৰু দৰব আছে৷ তেওঁ জানিবলৈ দিয়া মতে চাইনাছত আক্রমণ কৰা এই ৰোগত সংক্রমিত লোকৰ নাসিকা বন্ধ হৈ পৰে, চকু–নাক ৰঙা হয়, দৃষ্টিশক্তি কমি যায়, মূৰৰ বিষ, জ্বৰ হয়, হাঁওফাঁওলৈ সংক্রমিত হ’লে কাহ হয়, চালত ৰঙা–ক’লা দাগ পৰে৷ চাইনাছত আক্রমণ কৰাৰ বাবে এই ৰোগত আক্রান্তৰ মৃত্যুৰ হাৰ অধিক হ’লেও ব্লেক ফাংগাছ মহামাৰী হ’ব নোৱাৰে বুলি ডাঃ হাজৰিকাই দাবী কৰে৷
তদুপৰি ক’ভিড–১৯ৰ সৈতে ইয়াৰ প্রত্যক্ষ সংযোগ নাই বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে অংগ সংৰোপণ, অনিয়ন্ত্রিত ডায়েবেটিছ, কর্কট আদি জটিল ৰোগ থকা ক’ভিড–১৯ ৰোগীসকলহে ব্লেক ফাংগাছত আক্রান্ত হ’ব পাৰে৷ ডাঃ হাজৰিকাই জানিবলৈ দিয়া মতে অসমত বর্তমান পর্যন্ত ব্লেক ফাংগাছত আক্রান্ত দুজন ৰোগী চিনাক্ত হৈছে৷ ইয়াৰে এজন ডিব্রুগড়ৰ৷
উল্লেখ্য যে কেইদিনমান পূর্বে নগাঁৱৰ ধিঙৰ এজন যুৱক এই ৰোগত আক্রান্ত হৈ গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যুমুখত পৰিছিল৷ ইফালে, স্বাস্থ্যমন্ত্রী মহন্তই প্রকাশ কৰা অনুসৰি ৫জনীয়া বিশেষজ্ঞ কমিটীখনত ডাঃ হাজৰিকাৰ উপৰি আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ডাৰমেট’ল’জী বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ পংকজ অধিকাৰী, ইএনটি বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ কল্পনা শর্মা, গেষ্ট্র’এণ্ড্রোল’জী বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ বি এন চৌধুৰী আৰু নিউৰ’লজী বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ মৰমী দাস৷