নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্লেক ষ্টন এপছৰ মায়াজালে লুটিলে ভুক্তভোগীৰ সাঁচতীয়া ধন

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ লোভেই পাপ পাপেই মৃত্যু- এই আপ্ত বাক্যশাৰী একাংশ লোকৰ বাবে যেন এতিয়া প্ৰযোজ্য হৈ পৰিছে। যি সময়ত ৰাজ্য চৰকাৰে নিবনুৱা যুৱক-যুৱতীক আত্মসংস্থাপনৰ লক্ষ্যৰে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে তেনে এক সময়ত সহজ ধনৰ লালসাত কিছুমান মোবাইল এপছৰ মায়াজালত পৰি ৰাজ্যৰ একাংশ লোকে সৰ্বস্বান্ত হব লগা হৈছে। উল্লেখ্য যে যোৱা ডিচেম্বৰ মাহৰ পৰা চিট ফাণ্ডৰ দৰে বহিৰাগত “ব্লেক ষ্টোন” নামৰ এটা এপছে হাজাৰ হাজাৰ লোকৰ পৰা কোটি কোটি টকা লুটি লৈ কালিৰ পৰা এপছটো বন্ধ কৰি দিলে বুলি ভুক্তভোগী একাংশ লোকে জানিবলৈ দিছে। “ব্লেক ষ্টন” এই এপছটো প্ৰথমে মোবাইলত ডাউনলোড কৰি লৈ মোবাইল নম্বৰ দি অ টি পিসহ পঞ্জীয়ন কৰি সেই এপচৰ পঞ্জীয়ন নম্বৰৰ যোগেদি এপছত ৬০০ টকাৰ পৰা ১০ হাজাৰ টকা পৰ্যন্ত গুগল পেৰ যোগেদি জমা কৰিলে দৈনিক ১০০ৰ পৰা ৫০০ টকা নিজা উপাৰ্জন হব বুলি আশ্বাস দিযে ব্লেক ষ্টনে। ঠিক সেইদৰে ৬০০ টকা জমা কৰিলে দৈনিক ৫০/৬০ টকা, ১০০০ টকাত ১২০/১৫০ টকা, ২০০০ টকা জমা কৰি ২০০/২৫০ টকাকৈ ৫/৬ দিন হিতাধিকাৰীসকলে লাভ কৰাত সকলোৱে অধিক আগ্ৰহেৰে উক্ত এপছত টকা জমা কৰিবলৈ উঠি পৰি লাগে। কিন্তু পৰিতাপৰ বিষয় মাত্ৰ এটা সপ্তাহ এপছটো সুন্দৰকৈ চলি থকাৰ পাছত একাংশই মূলধনটো ঘূৰাই নোপোৱাকৈ কালিৰ পৰা এপছটো বন্ধ কৰি দিয়াৰ লগতে এপছটোৰ কোনো কাম নকৰাত হাহাকাৰ সৃষ্টি হৈছে। যিসকলৰ টকা একাউণ্টত জমা হোৱা দেখাইছিল তেওঁলোকেও এতিয়া একাউণ্টৰ পৰা টকা উলিয়াব নোৱাৰাত বিমোৰত পৰিছে। সেয়েহে বহিৰাগত মোবাইলৰ এইবিলাক এপছত সাধাৰণ ৰাইজক ভুল নেজাবলৈ ভুক্তভোগীকেইজনে আহ্বান জনাইছে।

প্ৰেৰক সঞ্জীৱ হাজৰিকা

You might also like