নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা আৰু ৰক্তদান শিবিৰ সম্পন্নঃ বিনামূলীয়া ঔষধ বিতৰণ

বিশেষ বাৰ্তা, ২৪ মেঃ মৰিয়নি মহাবিদ্যালয়ত আজি এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ লগতে বিনামূলীয়া ৰক্তদান শিবিৰ অনুষ্ঠিত হয় । মৰিয়নি মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু যোৰহাটৰ সত্যম হস্পিতেল আৰু ৰিচাৰ্ছ চেন্টাৰৰ সহযোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু যোৰহাটৰ লায়ন্স ক্লাৱ ব্লাড বেংকৰ সহযোগত ৰক্তদান শিবিৰৰ লগতে বিনামূলীয়া চকু পৰীক্ষা শিবিৰো অনুষ্ঠিত হয় । এই উপলক্ষ্যে আজি পুৱা মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত মূল কাৰ্যসূচী মুকলি কৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° মঞ্জুলা বৰঠাকুৰে । তাৰ পিছতেই স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু ৰক্তদান শিবিৰ মুকলি কৰে ক্ৰমে নৱ-নিযুক্ত অধ্যক্ষ ড° হৰেন গোৱালা আৰু ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° মঞ্জুলা বৰঠাকুৰে । আজি কেবাটাও ইউনিট ৰক্তদান কৰা হয় । প্ৰথমে ৰক্তদান কৰে নৱ-নিযুক্ত অধ্যক্ষ ড° হৰেন গোৱালাই । ইয়াৰ পিছতেই মহাবিদ্যালয়খনৰ কেবাগৰাকীও অধ্যাপক, অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীয়ে ৰক্তদান কৰে। বিশেষকৈ কেবাগৰাকীও ছাত্ৰীয়ে ৰক্তদান কৰাতো আছিল উল্লেখনীয় দিশ । আজিৰ এই শিবিৰত বিনামূলীয়াকৈ হিম’গ্ল’বিন পৰীক্ষাও কৰা হয় । আজিৰ এই শিবিৰত এছ বি আই লাইফ যোৰহাটেও সহযোগ আগবঢ়ায় । আজিৰ শিবিৰত চকু বিশেষজ্ঞ, শিশু বিশেষজ্ঞ, ঔষধ বিশেষজ্ঞকে ধৰি কেবাটাও বিভাগৰ বিশেষজ্ঞ চিকিৎসকে অংশগ্ৰহণ কৰে । মহিলা কোষৰ সভানেত্ৰী ড° বাণী বৰা আৰু সম্পাদিকা অৰূপাঞ্জলি বৰাৰ নেতৃত্বত আৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত পৰিচালিত হোৱা আজিৰ এই স্বাস্থ্য পৰীক্ষা শিবিৰত দুই শতাধিক ৰোগীৰ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা হয় । আনহাতে, ৰোগীসকলক বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয় । উল্লেখযোগ্য যে, মহিলা কোষে ইয়াৰ পূৰ্বেও স্বাস্থ্য পৰীক্ষা আৰু চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে । জ্যেষ্ঠা অধ্যাপিকা তথা মহিলা কোষৰ সদস্যা ড° সুগন্ধি দাসে এই ধৰণৰ কাৰ্য্যসূচীৰ লগতে শাৰীৰিক আৰু মানসিক স্বাস্থ্য সচেতনতা সম্পৰ্কীয় কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ পৰিকল্পনা হাতত লৈছে বুলি জানিবলৈ দিয়ে । তেওঁ কয়- ‘ৰক্তদান জীৱনদান’ নামেৰে এই ৰক্তদান কাৰ্য্যসূচী হাতত লোৱা হৈছিল । আনহাতে, ছাত্ৰীসকলে ৰক্তদান কৰা বিষয়টোৱে তেওঁলোকক যথেষ্ট উৎসাহিত কৰিছে আৰু নতুন প্ৰজন্ম স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ইতিবাচক দিশ বুলি লগতে মন্তব্য কৰে । ৰক্তদান কৰা সকলোকে মহিলা চ’ৰাৰ তৰফৰ পৰা প্ৰশংসাপত্ৰ প্ৰদান কৰা হয় ।

প্ৰেৰক দিব্যজ্য়োতি শইকীয়া

You might also like