নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেদখলকাৰীৰ কবলত মৰিগাঁৱৰ মৰা সোণাই বিলঃ বিলৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই একাংশ বেদখলকাৰীয়ে বনাইছে ব্যক্তিগত পুখুৰী

বার্তা বুৰো,  ২৪ মেঃ যি সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ সৰ্বত্ৰ বেদখলকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে সেই সময়তে মৰিগাঁও জিলাৰ মিকিৰভেটা ৰাজহ চক্ৰৰ অধীনৰ হাবি বৰঙাবাৰী অঞ্চলৰ মাজেৰে যোৱা এখনি শতিকা পুৰণি বিল মৰা সোনাইৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে একাংশ বেদখলকাৰীৱে। উল্লেখ্য ঐতিহাসিক গুৰুজনাৰ পবিত্ৰ জন্মস্থান বৰদোৱা ৰ শান্তিজান ৰ সৈতে সংলগ্ন হৈ থকা এই মৰা সোনাই বিল খনৰ বিভিন্ন অংশ মুছলমান সম্প্ৰদায়ৰ একাংশ লোকে ভেটা দি ব্যক্তিগত পুখুৰী খান্দি পেলাইছে আৰু যাৰ ফলত বিগত এটা দশকত এই বৃহৎ বিল খন ৰ বিভিন্ন অংশ ৯০ শতাংশলৈকে সংকুচিত হৈ পৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ দিছে। উল্লেখ্য এই অঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীয় লোক বাস কৰা অঞ্চলৰ মাজৰে বৈ যোৱা এই সোনাই বিল ৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি অঞ্চলটোৰ শ শ বিঘা মাটিত স্থানীয় ৰাইজে খেতি কৰি আহিছিল যদিও বর্তমান চাৰিও ফালে বিল বেদখল কৰি একাংশ লোকে ব্যক্তিগত পুখুৰী বনাই পেলোৱা ৰ ফলত সমগ্ৰ বিল খন হৈ পৰিছে মৃত প্ৰায়। প্ৰাকৃতিক ভাবে থকা এই বিল খন বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত মৰিগাঁও জিলা প্ৰশাসনক ব্যৱস্থা লোৱাৰ দাবী জনাইছে স্থানীয় ৰাইজে। উল্লেখ্য উক্ত বিল খন বিশ্বাস উপাধিৰ এজন ব্যক্তিয়ে চৰকাৰী ভাবে লিজ ত লৈ থকাৰ পিছতো কি দৰে এনেদৰে বেদখল হৈ আছে সেয়া ৰহস্য জনক হৈ পৰিছে। । স্থানীয় ৰাইজৰ হৈ ধীরেন চন্দ্ৰ নাথ, সুন্দৰ সিং নাথ , অৰুপ পাতৰ, লক্ষ্মী পাতৰ, বিনোদ পাতৰ, প্ৰাঞ্জল পাতৰ, বিদ্যুৎ পাতৰ আদিয়ে বিল খন ৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like