নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ মালিবাৰীত নাওখেল প্ৰতিযোগিতাত অঘটন

🔹 প্ৰতিযোগিতাৰ মাজতে ডুবিল নাও, কথমপি প্ৰাণৰক্ষা খেলুৱৈৰ

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰ : নগৰবেৰাৰ মালিবাৰীত নাওখেল প্ৰতিযোগিতাত অঘটন সংঘটিত হয়। প্ৰতিযোগিতাত ফেঁপেৰি পাতি আগবাঢ়িব খোজোঁতেই নদীৰ বুকুত ডুবিল এখন খেলনাও। কথমপি নিশ্চিত বিপদৰ পৰা হাত সাৰে “আল আমিন” নামৰ নাওখনত থকা খেলুৱৈসকল | ভৰা নৈৰ বুকুত এছডিআৰএফ বাহিনীয়ে স্পীড বোট লৈ চলায় তীব্ৰ অভিযান | দেওবাৰৰ দুপৰীয়া মালিবাৰীৰ জলজলী নৈত সংঘটিত হয় এই ভয়ানক দুৰ্ঘটনা। পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা চলি থকাৰ মাজতে মাজনদীত ডুবে খেলৰ নাও | মালিবাৰী পথাৰ আঞ্চলিক নাওখেল পৰিচালনা সমিতিৰ সৌজন্যত অনুষ্ঠিত হৈছিল এই নাওখেল প্ৰতিযোগিতা | খেল চলি থকাৰ মাজতে নাও ডুবাক কেন্দ্ৰ কৰি চাঞ্চল্য সৃষ্টি হয় অঞ্চল জুৰি | দুখনকৈ নাওৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হয় আৰু তাৰ মাজতেই এখন ডুবি যায় নদীৰ মাজত। অৱশ্যে নাৱত থকা খেলুৱৈসকলে প্ৰাণ বচাবলৈ যেনি-তেনি সাঁতুৰিবলৈ লয়। একাংশই সাঁতুৰি পাৰ হয় যদিও বহু নাৱৰীয়াক এছ ডি আৰ এফ বাহিনীৰ নাৱেৰে উদ্ধাৰ কৰিবলগীয়া হয় | ভুটভুটী নাৱেৰে নদীৰ পৰা নাৱৰীয়াসকলক উদ্ধাৰ কৰিবলৈ কমিটীৰ কৰ্মীসকলেও উদ্ধাৰ অভিযানত নামি পৰে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like