নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰকীয়া প্ৰেম : শুৱালকুছিত ১২ বছৰীয়া জীয়ৰীক লগত অমিতলৈ পলাই গ’ল ববিতা

বিশেষ বাৰ্তা, ২১ মে’ : প্ৰেমত ঘূৰিছে ভূমণ্ডল প্ৰেমত ফুলিছে শতদল যেন কবিতাফাঁকিয়ে শুৱালকুছিত বাস্তৱ ৰূপ পালে৷ পৰকীয়া প্ৰেমৰ বাবেই এটা পৰিয়াল ধ্বংস হৈ গ’ল৷ ঘটনাৰ স্থান শুৱালকুছি কাঞ্চন নগৰ৷ শুৱালকুছিৰ মুগা পাট কাপোৰ ব্যৱসায়ী ভবা বৈশ্যৰ পত্নী ববিতা বৈশ্যই নিজৰ বাৰ বছৰীয়া কন্যাক লগত লৈ শুৱালকুছিৰে মেডিকেল চ’ক সমীপৱৰ্তী মহেশ কলিতাৰ পুত্ৰ তথা দুই পুত্ৰ সন্তানৰ পিতৃ অমিত কলিতাৰ সৈতে পৰকীয়া প্ৰেমত পৰি উধাও হোৱা ঘটনাই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ববিতাৰ স্বামী ভবা বৈশ্যই অভিযোগ কৰা অনুসৰি সিহঁত দুয়োজনৰ ম’বাইলেৰে যোগাযোগ কৰি অবৈধ প্ৰেম দীৰ্ঘদিন ধৰি চলি আছিল ৷ ১৬ মে’ৰ দিনৰ প্ৰায় ১১ বজাত মাকৰ ম’বাইলেৰে পিতৃ ভবাক কন্যাই ৰৌমাৰীৰ মোমায়েকৰ ঘৰত গৈ দুদিনমান থাকিম বুলি কয়৷ সহজভাৱে লৈ কন্যাৰ পিতৃ বৈশ্যই যাবলৈ দিয়ে ৷ পৰৱৰ্তী সময়ত তেওঁ পত্নীক ঘৰলৈ অহাৰ কথা ফোন কৰাত তেওঁ আৰু স্বামীৰ ঘৰত নাযাওঁ বুলি কোৱাত হতভম্ব হয়৷ পিছৰ দিনা ববিতাক ৰৌমাৰীৰ মাকৰ ঘৰত বিচাৰি গৈ নোপোৱাত স্বামীয়ে ১৮ মে’ত শুৱালকুছি থানাত পত্নী আৰু কন্যা নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰে৷ সেইদিনাই ভবা বৈশ্যক এজন বন্ধুৱে অমিতৰ চাৰিচকীয়া বাহনখন গুৱাহাটী গড়চুকৰ হোটেল এখনৰ সন্মুখত প্ৰত্যক্ষ কৰাৰ খবৰ দিয়াত ভবাই নিজে গৈ গাড়ীখন প্ৰত্যক্ষ কৰি নিশ্চিত হয় ৷ ভবাই পুনৰ শুৱালকুছি থানাত খবৰ কৰি গড়চুক থানাৰ সহযোগত পত্নী কন্যা আৰু লম্পট অমিত কলিতাক গড়চুকৰ হাইচিটি হোটেল এণ্ড লজৰ এটা কোঠাৰ পৰা উদ্ধাৰ কৰি থানালৈ আনে৷ আৰক্ষীয়ে সোধাপোছা কৰি ৰহস্যজনকভাৱে ববিতা আৰু অমিতক ঘৰলৈ যাবলৈ দিয়ে৷ লক্ষণীয় কথাটো হ’ল শুৱালকুছি থানাই এই সন্দৰ্ভত মৌনতা প্ৰকাশ কৰাটো অধিক ৰহস্যজনক হৈ পৰিছে৷

প্ৰেৰক দিলীপ মেধি

You might also like