নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : সোণাৰিৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ডুৰিবাম চাহ বাগিচাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হয়। ডুৰিবাম চাহ বাগিচাৰ ১২ নং লাইনত উদ্ধাৰ হয় মৃতদেহটো। মৃতদেহটো ১২নং লাইনৰ নিবাসী অমল খোদালৰ বুলি জানিব পৰা গৈছে। কোনো লোকে অমলক বাগিচাৰ মাজত হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। ঘটনাস্থলীত কাকতিবাৰী আৰক্ষী আৰু চৰাইদেউ জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
প্ৰেৰক আব্দুল জাব্বাৰ